চীনক হৰুৱালে ভাৰতে

dainik janambhumi August 30, 2025

ডিজিটেল ডেস্ক : ভাৰতে এছিয়া কাপ হকীত জয়েৰে অভিযান আৰম্ভ কৰিলে। অধিনায়ক হৰমনপ্রীত সিঙে পেনাল্টি কৰ্ণাৰৰ জৰিয়তে দিয়া তিনিটা গ'লৰ সহায়ত শুকুৰবাৰে নিজৰ প্ৰথম খেলত চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে। 

পুল 'এ'ৰ খেলখনত ভাৰতৰ হৈ হৰমনপ্রীতে (২০, ৩৩, ৪৭) হেটত্রিক অৰ্জন কৰাৰ লগতে আনটো গ'ল দিয়ে যোগৰাজ সিঙে ১৮ মিনিটত। চীনে ১২, ৩৫ আৰু ৪২ মিনিটত এটাকৈ গ'ল দিয়ে। প্রথমে এগ'লত পিছ পৰি থকা ভাৰতে দুই মিনিটৰ অন্তৰালত দুটাকৈ গ'ল দি ২-১ ব্যৱধানত অগ্রগতি লাভ কৰে। হৰমনপ্রীতে ৩৩ মিনিটত ব্যৱধান ৩-১ কৰে। 

পৰৱৰ্তী সময়ত চীনে প্রত্যাৱর্তন ঘটাই ৩-৩ গ'লত সমতা স্থাপন কৰে। পুনৰ অধিনায়ক হৰমনপ্রীতে ৪৭ মিনিটত আন এক পেনাল্টি কৰ্ণাৰ গ'ললৈ ৰূপান্তৰিত কৰি নিজৰ হেটত্রিক পূৰ কৰাৰ লগতে ভাৰতৰ জয় ৪-৩ ব্যৱধানত নিশ্চিত কৰে।

Share This