ভাৰতে পোনপটীয়াকৈ ৰাছিয়াক পেট্রল বিক্ৰী কৰা নাই, সংবাদ মাধ্যমৰ বাতৰিৰ বিষয়ত পেট্ৰলিয়াম মন্ত্ৰীৰ স্পষ্টীকৰণ

dainik janambhumi July 04, 2026

ডিজিটেল ডেস্ক : ৰাছিয়ালৈ ভাৰতীয় তেল শোধনাগাৰবোৰে পেট্রল ৰপ্তানি কৰা বুলি বিভিন্ন সংবাদ মাধ্যমত প্রকাশিত বাতৰিক অস্বীকাৰ কৰিছে কেন্দ্ৰীয় পেট্রলিয়াম মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে। ইউক্রেইনৰ আক্ৰমণত ৰুছ তেল শোধনাগাৰবোৰ বিধ্বস্ত হোৱাৰ পাছত দেশখনত ইন্ধনৰ ব্যাপক নাটনি হৈছে আৰু এই নাটনি দূৰ কৰিবলৈ ভাৰতৰ পৰা পেট্রল ক্ৰয় কৰিবলৈ বাধ্য হৈছে ৰাছিয়া। 

এই বাতৰি সংবাদ মাধ্যমত প্রকাশ হৈছিল। ইয়াৰ পাছতে পেট্রলিয়াম মন্ত্ৰী পুৰীয়ে এই স্পষ্টীকৰণ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে ভাৰতৰ কোনো ৰাজহুৱা অথবা ব্যক্তিগত তেল শোধনাগাৰে পোনপটীয়াকৈ ৰাছিয়াক পেট্রল বিক্ৰী কৰা নাই। ভাৰতীয় কোম্পানীয়ে পোনপটীয়াকৈ ৰাছিয়াক পেট্রল বিক্ৰী কৰাৰ পৰিৱৰ্তে সাগৰীয় পথত হোৱা বাণিজ্যত মধ্যস্থতাকাৰীৰ জৰিয়তেহে কোনো ভাৰতীয় পেট্রল পৰিবাহী জাহাজে ৰাছিয়ালৈ তেল লৈ যাব পাৰে বুলি কেন্দ্রীয় মন্ত্রীজনে কয়। 

উল্লেখযোগ্য যে বিভিন্ন সংবাদ মাধ্যমত প্রকাশিত এ বাতৰি মতে, ভাৰতে ইতিমধ্যে ৬০ হাজাৰ মেট্রিক টন পেট্রল ৰাছিয়ালৈ প্ৰেৰণ কৰিছে। কেন্দ্রীয় মন্ত্রীজনে কয় যে কিছুমান মধ্যস্থতাকাৰী আছে, যিয়ে প্রায়ে বাণিজ্য জাহাজবোৰ গন্তব্য স্থান পোৱাৰ পূৰ্বে মধ্যস্থতা কৰি অন্য স্থানলৈ সামগ্রী প্ৰেৰণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী পুৰীয়ে পেট্রল, ডিজেল আৰু এভিয়েশ্যন টার্বাইন ইন্ধনৰ ৰপ্তানিৰ বিষয়ত বক্তব্য দি কয় যে ভাৰতে বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ শোধন কৰা তেলৰ ৰপ্তানিকাৰী আৰু বিশ্বৰ ১৪০খন দেশলৈ শোধন কৰা তেল ৰপ্তানি কৰে।

Share This