গীলৰ পাছত জাদেজা, বাশ্বিংটনে শতকেৰে ৰুধিলে বিপৰ্যয়, ভাৰত-ইংলেণ্ডৰ চতুৰ্থ টেষ্ট ড্র

dainik janambhumi July 28, 2025

ডিজিটেল ডেস্ক : ৰবীন্দ্র জাদেজা (অপঃ ১০৭) আৰু ৱাশ্বিংটন সুন্দৰৰ (অপঃ ১০১) দুৰন্ত বেটিং বিক্ৰমৰ সহায়ত ভাৰতে ইংলেণ্ডৰ হাতত চতুর্থ টেষ্টত পৰাজয় ৰুধিলে। লোকেশ ৰাহুল আৰু অধিনায়ক শুভমন গীলৰ বিদায়ৰ পাছত জাদেজা আৰু ৱাশ্বিংটনে অপৰাজিত শতকেৰে ভাৰতৰ মান ৰক্ষা কৰিলে। ১৪৩ অভাৰ খেলি দ্বিতীয় ইনিংছত ৪ উইকেটত ৪২৫ ৰান কৰাৰ সময়তে খেল ডুবে সমাপ্ত হয়। অনেক চেষ্টা কৰিও ইংলেণ্ডে ভাৰতক পৰাজিত কৰাত ব্যর্থ হয়। ভাৰতে এই ড্ৰৰে ৫খনীয়া শৃংখলা দখলৰ আশা সজীৱ ৰাখে। জাদেজাই ১৮৫টা বল খেলি ১৩টা চাৰি আৰু এটা ছয়েৰে ১০৭ ৰান কৰি আউট নোহোৱাকৈ থাকে। 

আনহাতে, ৱাশিংটনে ২০৬টা বলত ৯টা চাৰি আৰু এটা ছয়েৰে নিজৰ অবিজিত ১০১ ৰানৰ ইনিংছটো সজায়। ইয়াৰ আগেয়ে ভাৰতে চতুর্থ দিনৰ স্ক'ৰ ২ উইকেটত ১৭৪ ৰানৰ পৰা দেওবাৰৰ খেল আৰম্ভ কৰিছিল। চতুর্থ দিনৰ সামৰণিত লোকেশ ৰাহুল ৮৭ আৰু শুভমন গীল ৭৮ ৰানত অবিজিত আছিল। এই দুই অবিজিত বেটাৰৰ প্ৰদৰ্শনৰ ওপৰতে ভাৰতৰ ভাগ্য নিৰ্ভৰ কৰিছিল। 

উভয়ে তৃতীয় উইকেটত ১৮৮ ৰানৰ যুটি বন্ধাৰ পাছত প্রথমে আউট হয় ৰাহুল। তেওঁ আগদিনাৰ স্ক'ৰ ৮৭ ৰানত দেওবাৰে মাথোঁ ৩ ৰান যোগ দিয়েই আউট হয়। আনহাতে, আনগৰাকী অবিজিত বেটাৰ গীলে ১০৩ ৰান কৰি আউট হয়। আগদিনাৰ স্ক'ৰ ৭৮ ৰানত দেওবাৰে ২৫ ৰান যোগ দিয়ে গীলে। ৰাহুল আৰু গীলৰ আউটৰ পাছতে ৱাশ্বিংটন আৰু জাদেজাই দলৰ পৰাজয় ৰোধৰ সংগ্রামত ব্রতী হয়।

Share This