ডিজিটেল ডেস্ক : অষ্ট্ৰেলিয়াক তৃতীয় টি-২০ ক্রিকেটত কালি ৫ উইকেটত পৰাজিত কৰে ভাৰতে। প্রথম দুখন মেচত সুযোগ নোপোৱা অর্শদীপ সিং, ৱাশ্বিংটন সুন্দৰ আৰু জিতেশ শর্মাই ভাৰতৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। প্রথমে বেট ধৰি অষ্ট্ৰেলিয়াই ৬ উইকেটত ১৮৬ ৰান কৰে। প্রত্যুত্তৰত ভাৰতে ১৮.৩ অভাৰত ৫টা উইকেট হেৰুৱাই ১৮৮ ৰান কৰি জয় সাব্যক্ত কৰে।
ভাৰতৰ বেটাৰে বৃহৎ ৰান নাপালেও আগশাৰীৰ বেটিঙেৰে জয় কঢ়িয়াই আনে সূর্যকুমাৰ যাদৱ বাহিনীয়ে। প্রথমে বেটিং কৰি অষ্ট্ৰেলিয়াই টিম ডেভিদৰ ৭৪ আৰু মার্কাছ ষ্টইনিছৰ ৬৪ ৰানৰ সহায়ত ছটা উইকেট হেৰুৱাই ১৮৬ ৰান কৰে। দলৰ হৈ মেথিউ শ্বর্টেও উপযোগী অপৰাজেয় ২৬ ৰানৰ বৰঙনি যোগায়।
ভাৰতৰ হৈ অর্শদীপ সিঙে ৩৫ ৰানত সর্বাধিক তিনিটা আৰু বৰুণ চক্ৰৱৰ্তীয়ে ৩৩ ৰানত পায় দুটা উইকেট। পৰৱৰ্তী সময়ত ভাৰতে ৱাশ্বিংটনৰ অপৰাজিত ৪৯ ৰানৰ জৰিয়তে ১৮.৩ অ'ভাৰত ৫ উইকেটত ১৮৮ ৰান কৰি ৫ খনীয়া শৃংখলাত সমতা স্থাপন কৰে (১-১)। শৃংখলাত প্রথমবাৰলৈ সুযোগ পোৱা জিতেণ্ডে ২২ ৰানৰ অবিজিত ইনিংছ খেলে। দলৰ হৈ অভিষেক শর্মাই ২৫, সূর্যকুমাৰে ২৪, তিলক বাৰ্মাই ২৯ ৰানৰ উপযোগী বৰঙনি যোগায়। অহা ৬ নৱেম্বৰত উভয় দলৰ মাজৰ চতুৰ্থখন খেল অনুষ্ঠিত হ'ব।