প্রথম ইনিংছত পিছ পৰিল ভাৰত

dainik janambhumi August 02, 2025

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ গাছ এটকিনছনৰ (৫-৩৩) আকর্ষণীয় বলিঙৰ সন্মুখত তিষ্ঠিব নোৱৰা ভাৰতে পঞ্চম তথা অন্তিম টেষ্টখনত ২২৪ ৰানতে প্রথম ইনিংছ সামৰে। বৰষুণে ব্যাঘাত জন্মোৱা টেষ্টখনৰ প্ৰথম দিনাই বিপদত পৰিছিল ভাৰত। প্রথম দিনা ভাৰতে ২০৪ ৰানত ছটা উইকেট হেৰুৱাই সংকটৰ সন্মুখীন হৈছিল। শুকুৰবাৰে দ্বিতীয় দিনা ভাৰতে প্রথম ৩০ মিনিটৰ খেলতে মাথোঁ ২০ ৰান যোগ দিয়েই অন্তিম ৪টা উইকেট হেৰুৱায়। আগদিনাৰ দুই অবিজিত বেটাৰ কৰুন নায়াৰ (৫৭) আৰু ৱাশ্বিংটন সুন্দৰে (২৬) প্ৰতিৰোধ গঢ়াত ব্যৰ্থ হৈ প্রথম ২০ মিনিটৰ খেলতে পেভিলিয়নলৈ উভতি যায়। 

প্রথমে নায়াৰ আউট হোৱাৰ পাছতে ৱাশ্বিংটনে উইকেট হেৰুওৱাত ভাৰতৰ ইনিংছো চমু চাপি আহে। মহম্মদ ছিৰাজ আৰু প্রসিদ্ধ কৃষ্ণই কোনো ৰান নকৰাকৈ বিদায় লয়। আনহাতে, আকাশদীপে কোনো ৰান নকৰাকৈ বেট ধৰি থাকে। ইংলেণ্ডৰ এটকিনছনে মাথোঁ ৩৩ ৰান ব্যয় কৰি ৫টা উইকেট দখল কৰে। তেওঁক যোগ্য সহযোগিতা আগবঢ়োৱা জুছ টঙে তিনিটা উইকেট পায়। প্রত্যুত্তৰত ইংলেণ্ডে শুকুৰবাৰে দ্বিতীয় দিনা প্রথম ইনিংছ আৰম্ভ কৰি ২৪৭ ৰানত কেউটা উইকেট হেৰুৱায়।

জেক ক্রলী আৰু বেন ডাকেটৰ জৰিয়তে ইংলেণ্ডে ভাল আৰম্ভণি কৰিও বৃহৎ অগ্রগতি লোৱাত ব্যর্থ হয়। ইংলেণ্ডৰ ইনিংছত ক্ৰলীয়ে সর্বাধিক ৬৪, হেৰী ব্ৰুকে ৫৩ আৰু ডাকেটে ৪৩ ৰানৰ উল্লেখনীয় অৱদান যোগায়। ভাৰতৰ মহম্মদ ছিৰাজ আৰু প্রসিদ্ধ কৃষ্ণই চাৰিটাকৈ উইকেট দখল কৰে। পৰৱৰ্তী সময়ত ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি আঠ অ'ভাৰত কোনো উইকেট নেহেৰুৱাকৈ ৩৪ ৰান কৰিছে। যশস্বী জয়ছোৱালে ২৬ আৰু লোকেশ ৰাহুলে ৭ ৰানত বেট ধৰি আছে।

Share This