পুনৰ স্পষ্ট কৰিলে কেন্দ্ৰীয় চৰকাৰে, ৬০ দিনৰ পেট্রল-ডিজেল মজুত আছে ভাৰতত

dainik janambhumi March 27, 2026

ডিজিটেল ডেস্ক: পেট্রল-ডিজেল, এল পি জিৰ নাটনিৰ বাতৰি প্ৰকাশ পাই থকাৰ মাজতে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে পুনৰ কয় যে পেট্রল, ডিজেল বা এল পি জিৰ কোনো নাটনি হোৱা নাই। ইন্ধন, এল পি জিৰ নাটনিৰ বাতৰিত শংকিত হৈ গ্রাহকক ক্রয় কৰোৱাক 'ইচ্ছাকৃত মিছা তথ্যৰ অভিযান' আখ্যা দি কেন্দ্ৰীয় চৰকাৰে কয় যে ভাৰতত প্রায় ৬০ দিনৰ ইন্ধন মজুত আছে। 

পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্ৰ্যালয়ে কয় যে সমগ্র দেশৰ সমগ্ৰ পেট্রল পাম্পত পর্যাপ্ত ইন্ধন মজুত আছে আৰু কোনো নির্দিষ্ট পৰিমাণৰ ইন্ধনৰ অনুমতিৰ (ৰেছনিং) ব্যৱস্থা কৰা হোৱা নাই, সেইবোৰ স্বাভাৱিকভাৱে চলি আছে। এটা বিবৃতিত মন্ত্র্যালয়ে কয় যে বিশ্বৰ চতুৰ্থ বৃহত্তম তেল শোধনকাৰী আৰু পঞ্চম সর্ববৃহৎ পেট্রলিয়াম সামগ্ৰীৰ ৰপ্তানিকাৰী ভাৰতে গাঁথনিগতভাৱে ঘৰুৱা ইন্ধনৰ উপলব্ধতা নিশ্চিত কৰিছে আৰু ১৫০খন দেশলৈ শোধিত ইন্ধনৰ যোগান অব্যাহত ৰাখিছে। 

মন্ত্ৰ্যালয়ে কয়, 'প্রতিটো ভাৰতীয় শোধনাগাৰ (যি খাৰুৱা তেলক পেট্রল আৰু ডিজেলৰ দৰে ইন্ধনলৈ পৰিৱৰ্তিত কৰে) ১০০ শতাংশ সদ্ব্যৱহাৰেৰে চলি আছে। পেট্রলিয়াম মন্ত্র্যালয়ে আৰু কয়, 'পৰৱৰ্তী ৬০ দিনৰ খাৰুৱা তেলৰ যোগানৰ বাবে ইতিমধ্যেই ভাৰতীয় তেল কোম্পানীবোৰ চুক্তিবদ্ধ হৈছে। যোগান ব্যাহত নহয়।' মন্ত্ৰ্যালয়ে কয় যে ভাৰতৰ মুঠ ৭৪ দিনৰ খাৰুৱা তেল আৰু ইন্ধন মজুত কৰাৰ ক্ষমতা আছে। 

মন্ত্ৰ্যালয়ে আৰু কয় যে বৰ্তমান ভাৰতৰ খাৰুৱা তেল, শোধিত তেল আৰু কৌশলগত ভাণ্ডাৰত থকাকে ধৰি প্ৰায় ৬০ দিনৰ ইন্ধন মজুত আছে। মন্ত্ৰ্যালয়ৰ মতে এল পি জি যোগানো পর্যাপ্ত। এল পি জিৰ ঘৰুৱা উৎপাদন বৃদ্ধি পাইছে আৰু আমদানিৰ প্ৰয়োজনীয়তা হ্রাস পাইছে। মন্ত্র্যালয়ে জনায় যে বিভিন্ন দেশৰ পৰা মালবাহী জাহাজবোৰো আহি আছে।

Share This