ডিজিটেল ডেস্ক : সম্প্রতি বিশ্বৰ ১০০খন আটাইতকৈ গৰম নগৰ-মহানগৰৰ ভিতৰত আছে ভাৰতৰ ৯২খন নগৰ-মহানগৰ। এ কিউ আই ৰিয়েল টাইমৰ তথ্য মতে ২৩ এপ্ৰিলত ৪৪ ডিগ্রী উষ্ণতাৰে মহাৰাষ্ট্ৰৰ খেড়, উত্তৰ প্ৰদেশৰ মুগলচৰায়, আমেঠী, বাৰাণসী আৰু গাজীপুৰ বিশ্বৰ শীৰ্ষ সবাতোকৈ গৰম নগৰ-মহানগৰৰ ভিতৰত আছে। ইয়াৰ বাহিৰেও দিল্লী, লক্ষ্ণৌ, আগ্রা, ৰায়পুৰ, প্ৰয়াগৰাজৰ দৰে মহানগৰত উষ্ণতা হৈছে ৪০ ডিগ্ৰীৰ ওপৰৰ। মন কৰিব লগীয়া যে বালিময় মধ্য প্রাচ্যত বর্তমান উষ্ণতা ২০-৩০ ডিগ্রী চেলছিয়াছৰ ভিতৰত।
শেহতীয়াকৈ ভাৰতৰ কিছু অঞ্চলত হোৱা গ্রীষ্ম প্ৰৱাহৰ বাবেই দেশৰ বহু ঠাই-মহানগৰত উষ্ণতা বৃদ্ধি পাইছে। উল্লেখযোগ্য যে যোৱা ২০ এপ্রিলত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সতৰ্ক কৰি দিছিল যে ২০-২৫ এপ্ৰিলৰ মাজত উত্তৰ-পশ্চিম আৰু মধ্য ভাৰত তথা কাষৰীয়া পূব পঞ্জাব, পূব ৰাজস্থান, বিদর্ভছট্টীশগড়, পশ্চিম উত্তৰ প্ৰদেশ, পশ্চিম ৰাজস্থান, মধ্য প্রদেশ, পশ্চিম বংগৰ গাংগেয় অঞ্চল (দক্ষিণ), ঝাৰখণ্ড, ওড়িশা আৰু উত্তৰ প্রদেশেৰ বিক্ষিপ্ত ঠাইত ২০ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিলৰ মাজত বিভিন্ন দিনত গ্রীষ্ম প্রৱাহ দেখিবলৈ পোৱা যাব। দৈনিক ভাস্কৰৰ এক প্রতিবেদন মতে ভাৰতত সকলোতকৈ গৰম বেছি নগৰ-মহানগৰ থকা ৰাজ্য হৈছে উত্তৰ ওপৰত।
তেনেদৰে গৰম নগৰ-মহানগৰৰ ভিতৰত আছে পশ্চিম বংগৰ ১৮, পঞ্জাবৰ ৭, ছট্টীশগড়ৰ ৬, তেলেংগানাৰ ৬, ওড়িশাৰ ৫, বিহাৰৰ ৫, মহাৰাষ্ট্ৰৰ ৪, অন্ধ্র প্রদেশ আৰু উত্তৰাখণ্ডৰ ২খনকৈ নগৰ-মহানগৰ। এই নগৰ-মহানগৰবোৰত উষ্ণতা ৪০ৰ পৰা ৪৪ ডিগ্রী চেলছিয়াছ হৈছে। সম্প্রতি আটাইতকৈ গৰম নগৰ-মহানগৰৰ তালিকাত থাইলেণ্ডৰ ৬খন আৰু নেপালৰ দুখন মহানগৰো আছে।