ডিজিটেল ডেস্ক : ভাৰতৰ বিৰুদ্ধে চেনাব নদীৰ জল-প্ৰৱাহ সলনি কৰাৰ গুৰুতৰ অভিযোগ আনিছে পাকিস্তানে। কোনোধৰণৰ জাননী অবিহনেই ভাৰতে বিগত এসপ্তাহ ধৰি নদীখনৰ জল-প্ৰৱাহ সলনি কৰি ৰখা বুলি ইছলামাবাদ প্রশাসনে চৰকাৰী অভিযোগ অনাৰ লগতে ইয়াক 'জলযুদ্ধ' আখ্যাও দিছে।
পাকিস্তানৰ সংবাদ মাধ্যমে দেশখনৰ বৈদেশিক পৰিক্ৰমা বিভাগে প্রকাশ কৰা তথ্যৰ ভিত্তিত উল্লেখ কৰিছে যে চেনাব নদীৰ পানীৰ প্ৰৱাহ বিগত কেইটামান দিনত কিছু সলনি হোৱা লক্ষ্য কৰা গৈছে।
নদীৰ প্ৰৱাহ সলনিয়ে দেশখনৰ কৃষি খণ্ড, অর্থনৈতিক আৰু জীৱন-জীৱিকাৰ নিৰাপত্তা, খাদ্য নিৰাপত্তা আদি দিশত নেতিবাচক প্রভাৱ পেলাব বুলি বিভাগটোৱে প্রকাশ কৰে। চেনাবৰ প্ৰৱাহ সলনি সন্দৰ্ভত ভাৰতক স্থিতি স্পষ্ট কৰাৰো আহ্বান জনাইছে ইছলামাবাদে।