মানৱবিহীন কৃত্ৰিম যুদ্ধ বিমানেৰে ভাৰতে ঠগিলে পাকিস্তানৰ বায়ু প্ৰতিৰক্ষাক

dainik janambhumi May 18, 2025

ডিজিটেল ডেস্কঃ অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত পাকিস্তানৰ চীনে যোগান ধৰা বায়ু প্ৰতিৰক্ষাক বিকল কৰিবলৈ আৰু পাকিস্তানী প্ৰতিৰক্ষাক টোপ দিবলৈ যুদ্ধ বিমান হিচাপে কিছুমান কৃত্রিম (ডাম্মি) যুদ্ধবিমান ভাৰতীয় বায়ু সেনাই ব্যৱহাৰ কৰিছিল। ২২এপ্ৰিলৰ পহলগাম কাণ্ডৰ পাছত ভাৰতে প্রতিশোধকল্পে পাকিস্তানত 'অপাৰেশ্যন সেন্দূৰ' চলাই পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিসমূহ বিধ্বস্ত কৰিছিল।

পাকিস্তানৰ প্ৰতিৰক্ষা বিভাগে ভাৰতৰ এই আক্ৰমণক তৰ্কিবই নোৱাৰিলে। ভাৰতীয় বায়ু সেনাৰ এই সুপৰিকল্পিত আক্ৰমণক পাকিস্তানৰ বায়ু প্ৰতিৰক্ষাই প্রতিহত কৰিব নোৱাৰিলে। এ এন আয়ে প্রকাশ কৰা অনুসৰি, যিসমূহ ভাৰতীয় চহৰত উচ্চস্তৰীয় প্ৰতিৰক্ষা ছিষ্টেম আছে, সেই সমূহৰ জৰিয়তে ভাৰতীয় বায়ু সেনাই (আই এ এফ) কৃত্ৰিম যুদ্ধ বিমানৰ আঁৰ লৈ যুদ্ধ বিমান হিচাপে পাকিস্তানী বায়ু সেনাক টোপ দিছিল আৰু চীনে যোগান ধৰা পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ছিষ্টেমক বিকল কৰাত সফল হৈছিল। ৯-১০ মে'ৰ নিশা ভাৰতে পাকিস্তানৰ ১২টা মুখ্য বিমানঘাটিৰ ১১টাতে আক্ৰমণ কৰি সেই সমূহক বিধ্বস্ত কৰিছিল।

সূত্ৰসমূহে প্রকাশ কৰা অনুসৰি, ক্ষেপণাস্ত্ৰৰে আক্ৰমণসমূহ কৰাৰ পূর্বে আই এ এফে প্রথমে মানৱবিহীন ছদ্মবেশী কৃত্রিম যুদ্ধ বিমান প্ৰেৰণ কৰি পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা বাহিনীক সেইসমূহত ব্যস্ত ৰাখে আৰু পৰৱৰ্তী সময়তহে আচল যুদ্ধবিমান সমূহেৰে পাক বিমান ঘাটিসমূহত ক্ষেপণাস্ত্ৰৰে আক্রমণ কৰে। ভাৰতে প্ৰথমতে প্ৰেৰণ কৰা কৃত্ৰিম যুদ্ধ বিমানসমূহে পাকিস্তানী ৰাডাৰক বিপাঙত পেলায় আৰু সেই সমূহক পাকিস্তানী বায়ু সেনাই প্রতিহত কৰিবলৈ এইছ কিউ-৯ মিছাইল ছিষ্টেমটো সক্রিয় কৰে আৰু সেইসমূহক পাকিস্তানী বায়ু সেনাই ধ্বংস কৰে। ইয়াৰ কিছু সময় পাছতহে ভাৰতে আচল যুদ্ধ বিমানেৰে ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। ভাৰতে ১৫বাৰ ব্ৰহ্মাছ আৰু স্কেল্প ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰি পাকিস্তানী বিমানঘাটিবোৰ বিধ্বস্ত কৰিবলৈ সক্ষম হ'ল।

Share This