ডিজিটেল ডেস্ক : বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কয় যে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাক ভাৰতে আশ্রয় দিয়াৰে পৰা ভাৰত আৰু বাংলাদেশৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছে।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৮০ সংখ্যক অধিৱেশনৰ বাবে সম্প্রতি নিউয়র্কত থকা ইউনুছে লগতে প্রকাশ কৰে যে হাছিনাক ক্ষমতাৰ পৰা উৎখাত কৰা ছাত্ৰ বিদ্ৰোহক ভাৰতে পচন্দ কৰা নাছিল। তেওঁ কয় যে ভাৰতৰ সৈতে বাংলাদেশৰ বৰ্তমান সমস্যা আছে কিয়নো ভাৰতে বাংলাদেশত উদ্ভৱ হোৱা ছাত্র বিদ্রোহটোক ভালপোৱা নাছিল।
ভাৰতে হাছিনাক সম্প্রতি আশ্রয় দি থকাৰ বিষয়তো ইউনুছে প্রশ্ন উত্থাপন কৰে। বাংলাদেশী নেতাজনে ছাত্র আন্দোলনটোক 'ই ছলামিক আন্দোলন' বুলি নামকৰণ কৰা ভুৱা বাতৰি সন্দৰ্ভতো তীব্র সমালোচনা কৰে। ছার্ফ ৰাষ্ট্ৰ গোষ্ঠীক ইউনুছে 'পৰিয়ালৰ ঘনিষ্ঠ সদস্য' বুলিও অভিহিত কৰে।