ডিজিটেল ডেস্ক : ভয়াৱহ বায়ু প্ৰদূষণৰ বাবে সমগ্র এছিয়া মহাদেশৰ ভিতৰত ভাৰতত সর্বাধিক লোক শ্বাস-প্রশ্বাসজনিত ৰোগত আক্রান্ত হয়। লেনচেট ৰেছপিৰেটৰী মেডিচিনে মঙলবাৰে প্রকাশ কৰা এখন প্রতিবেদনত এই তথ্য প্রকাশ পাইছে। সমগ্র এছিয়াৰ অঞ্চলৰ ভিতৰত ভাৰতত সৰ্বাধিক ৪৩% লোকৰ হাঁওফাঁওত ৰোগৰ সংক্রমণ হয় আৰু শ্বাস-প্রশ্বাসজনিত ৰোগত আক্রান্ত হয়।
অধ্যয়নটোত প্রকাশ কৰা মতে, ভাৰতত সৰ্বাধিক লোক শ্বাস-প্রশ্বাসৰ সমস্যাত আক্ৰান্ত হোৱাৰ মূল কাৰক হৈছে দেশৰ বিভিন্ন অঞ্চলত হৈ থকা ভয়াৱহ বায়ু প্ৰদূষণ। অধ্যয়নটোত আৰু কোৱা হৈছে যে সমগ্ৰ বিশ্বৰ ভিতৰতে এছিয়া মহাদেশত ৬৭% শ্বাস-প্ৰশ্বাসজনিত ৰোগী আছে। মহাদেশখনৰ ভিতৰত ভাৰতত সর্বাধিক ৪৩% ৰোগী আছে, আনহাতে, চীনত ২৭.৮% লোক এনেধৰণৰ ৰোগত আক্রান্ত হয়।