ডিজিটেল ডেস্ক: ভাৰতে একেৰাহে দ্বিতীয়বাৰলৈ আই চি চি টি-২০ বিশ্ব কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। ডিফেন্ডিং চেম্পিয়ন ভাৰতে কালি প্রতিযোগিতাখনৰ দ্বিতীয় ছেমি ফাইনেলত ইংলেণ্ডক ৭ ৰানত হৰুৱাই খিতাপৰ যুঁজলৈ আগবাঢ়ে।
পোনতে বেট ধৰি ভাৰতে অ'পেনাৰ সঞ্জু ছেমছনৰ ৪২টা বলত ৮৯ ৰানৰ সহায়ত ৭উইকেটত ২৫৩ ৰানৰ শক্তিশালী স্ক'ৰ থিয় কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে জেকব বেথেলৰ ৪৮টা বলত ১০৫ ৰান সত্ত্বেও ৭টা উইকেট হেৰুৱাই ২৪৬ ৰানত থমকি ৰ'বলগীয়া হয়। ইয়াৰ আগেয়ে ছেমছনৰ বেটিং তাণ্ডৱৰ সহায়ত ভাৰতে ৭ উইকেটত ২৫৩ ৰানৰ বিশাল স্ক'ৰ থিয় কৰে।
কলকাতাত যি স্থানত খেল শেষ কৰিছিল তাৰ পৰাই মুম্বাইত আৰম্ভণি কৰে ভাৰতীয় দলৰ উইকেটকীপাৰ বেটাৰগৰাকীয়ে ৪২টা বলত ৭টা ছয় আৰু আঠটা চাৰিসম্বলিত ছেমছনৰ ৮৯ ৰানেৰে ভাৰতে ৰানৰ পাহাৰ গঢ়ে। ইডেনত প্রায় অকলেই ভাৰতক ছেমি ফাইনেললৈ তুলি নিয়া ছেমছনে অৱশ্যে এক জীৱনদান লাভ কৰে। ইয়াৰ সুযোগতে বিধ্বংসী হৈ উঠা ছেমছনে ২৬টা বলত অর্ধশতৰান পূৰ কৰে। আনগৰাকী অ'পেনাৰ অভিষেক শৰ্মা (৯) ব্যৰ্থ হ'লেও ছেমছনে ভাৰতৰ ইনিংছ আগবঢ়াই নিয়ে। অভিষেকৰ পাছত ছেমছনক সংগ দিয়া ঈশান কিশানেও আগ্রাসী বেটিং কৰে। ইয়াৰ ফলত ৮.৪ অ'ভাৰতে ভাৰতে ১০০ ৰানৰ সীমা পাৰ কৰে। ইয়াৰ পাছৰ অ'ভাৰতে পেভিলিয়নলৈ উভতি যোৱা ঈশানে ১৮টা বলত ৩৯ ৰান কৰে।
ইডেনত মাথোঁ ৩ ৰানৰ বাবে শতৰানৰ পৰা বঞ্চিত হোৱা ছেমছনে ৱাংখেড়েতো তিনি অংকৰ ৰান গোটোৱাত ব্যর্থ হয়। দলীয় স্ক'ৰ ১৬০ ৰানত ছেমছন আউট হয়। দলৰ বাবে ছেমছনে কৰা ভাল আৰম্ভণিৰ সুযোগত শিৱম ডুৱেই ৪৩ ৰানৰ অৱদান যোগায়। পিছে ব্যর্থ হয় অধিনায়ক সূর্যকুমাৰ যাদৱ (১১)। আনহাতে, ৰান আউট হোৱাৰ আগেয়ে হার্দিক পাণ্ডিয়াই ১২টা বলত ২৭ ৰান কৰে। শেষ পর্যন্ত ভাৰতে ইংলেণ্ডৰ সন্মুখত ২৫৪ ৰানৰ লক্ষ্য বান্ধি দিয়ে।