ডিজিটেল ডেস্ক : ইৰানত আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ পাছত ইৰানে প্রতিশোধকল্পে সামগ্ৰীৰ যোগান শৃংখল পৰিবহণ জলপথ হৰমুজ প্রণালী বন্ধ কৰি দিছিল। ইয়াৰ পাছতে সমগ্র বিশ্বজুৰি তেল আৰু গেছৰ ব্যাপক সংকটৰ সৃষ্টি হৈছে। আনহাতে, ইয়াৰ ঠিক সমান্তৰালকৈ সাৰ যোগান শৃংখলতো ব্যাপক প্রভাৱ পৰিছে। বিশেষকৈ ইউক্রেইন-ৰাছিয়াৰ যুদ্ধৰ পৰা ধৰি মধ্যপ্রাচ্যৰ যুদ্ধলৈকে ভাৰতৰ কৃষি খণ্ডত গুৰুতৰ প্ৰভাৱ পৰিছে। শেহতীয়াকৈ সাৰ যোগান শৃংখল হৰমুজ প্রণালীৰে বন্ধ হৈ পৰাত ভাৰতৰ কৃষি নিৰ্ভৰ ১৪৭কোটি নাগৰিক বিপদত পৰাৰ আশংকা ঘনীভূত হৈছে।
উল্লেখযোগ্য যে কৃষি খণ্ডৰ ওপৰত ভাৰতৰ অৰ্থনীতি ঘাইকৈ নিৰ্ভৰ কৰে আৰু অধিকাংশ ভাৰতীয়ই তেওঁলোকৰ জীৱন-জীৱিকা কৃষিৰ জৰিয়তে নিৰ্বাহ কৰে। পৰিসংখ্যা অনুসৰি, যুদ্ধৰ বাবে হৰমুজ প্রণালী অৱৰোধ কৰাৰ পাছত ভাৰতলৈ সাৰ যোগান প্রায় ২৫ শতাংশ ব্যাহত হৈছে। তেলৰ দৰে উপসাগৰীয় দেশসমূহ- ইউ এ ই, কাটাৰ, ছৌডি আৰব আৰু ওমানৰ পৰা হৰমুজ প্রণালীৰে জাহাজেৰে ভাৰতলৈ সাৰ আমদানি কৰা হয়।
এই উপসাগৰীয় দেশবোৰৰ পৰা ভাৰতে ৬৩ শতাংশ নাইট্ৰ'জেন সাৰ আমদানি কৰে য'ত ইউৰিয়া আৰু এম'নিয়া, ৩২ শতাংশ 'ডি এ পি' অথবা ডাই-এম'নিয়াম ফছফেট অন্তর্ভুক্তআছে। আনহাতে, ভাৰতে ৪২ শতাংশ পটাছ ছৌডি আৰবৰপৰা আমদানি কৰে। মধ্য প্রাচ্যৰ যুদ্ধৰ বাবে সাৰৰ আমদানি ব্যাহত হোৱাত ভাৰতৰ কৃষি খণ্ডত ব্যাপক প্রভাৱ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।