২০ বছৰৰ পাছত ভাৰতত পুনৰ কমনৱেলথ গেমছৰ সম্ভাৱনা

dainik janambhumi August 14, 2025

ডিজিটেল ডেস্ক : ভাৰতত ২০৩০ চনৰ কমনৱেলথ গেমছ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। যদি ভাৰতে সেই বাৰ গেমছৰ আয়োজনৰ দায়িত্ব লাভ কৰে, তেতিয়া ভাৰতত ২০ বছৰৰ পাছত পুনৰ কমনৱেলথ গেমছ অনুষ্ঠিত হ'ব। অৱশ্যে এইবাৰ গেম্‌ছ দিল্লীৰ পৰিৱৰ্তে আহমেদাবাদত অনুষ্ঠিত হ'ব। ভাৰতীয় অলিম্পিক সন্থাই (আই অ' এ) বুধবাৰে বিশেষ সাধাৰণ সভাত ২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজনৰ দাবী উত্থাপনৰ বাবে আনুষ্ঠানিকভাৱে সন্মতি জনায়। ভাৰতে ২০৩০ চনৰ কমনৱেলথ গেছৰ বাবে আহমেদাবাদক আয়োজক মহানগৰ হিচাপে লৈ আগতেই লেটাৰ অব্ ইনটেন্ট দাখিল কৰে। 

অৱশ্যে ভাৰতে ৩১ আগষ্টৰ আগতে গেমছৰ আয়োজনৰ অন্তিম দাবী উত্থাপনৰ বাবে প্রস্তাব জমা দিব লাগিব। আই অ' এৰ যুটীয়া সচিব কল্যাণ চৌবেই আধাঘণ্টাকৈ অধিক সময় ধৰি হোৱা বৈঠকৰ পাছত কয়, 'সাধাৰণ সভাই কমনৱেলথ গেমছ আয়োজনৰ বাবে দাবী উত্থাপন কৰাক সর্বসম্মতিক্রমে অনুমোদন জনায়। এতিয়া আমি পূর্ণ গতিত প্রস্তুতি চলাম।' 

উল্লেখযোগ্য যে কানাডা প্রতিযোগিতাৰ আয়োজনৰ দৌৰৰ পৰা বাহিৰ হোৱাৰ পাছত ভাৰতে ২০৩০ চনৰ গেমছৰ আয়োজন কৰাৰ সম্ভৱনা অধিক বৃদ্ধি পালে। কাৰ্যকৰী পৰিষদৰ সদস্য ৰোহিত ৰাজপালে কয় যে ২০৩০ চনৰ কমনৱেলথ গেমছত ভাৰতৰ পদক জয়ৰ সম্ভাৱনা থকা সকলো ক্রীড়াক অন্তর্ভুক্ত কৰা হ'ব। তেওঁ কয় যে ২০২৬ চনৰ কমনৱেলথ গেমছত হকী, বেডমিন্টন, মল্লযুদ্ধ আৰু শুটিঙকে ধৰি কেই বাবিধো গুৰুত্বপূৰ্ণ ক্রীড়াক অধিক ব্যয়ৰ দোহাই দি অন্তর্ভুক্ত কৰা হোৱা নাই।

Share This