ডিজিটেল ডেস্ক : বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা জ্যেষ্ঠ নেতা মুৰুলী মনোহৰ যোশীয়ে আগবঢ়োৱা এক মন্তব্য আলোচনাৰ বিষয় হৈ পৰিছে। সংস্কৃত ভাৰতীৰ কার্যালয় মুকলি অনুষ্ঠানত যোশীক প্রশ্ন কৰা হৈছিল যে 'দেশ বিশ্বগুৰু, এ আইৰ ক্ষেত্ৰতো ভাৰত কেন্দ্ৰ হৈ পৰিছে, তেন্তে ভাষাক লৈ ভাৰতৰ ভূমিকা কি?'
'ভাৰত আজি এক বিশ্বগুৰু' বিষয়ক প্রশ্নত তেওঁ কয়, 'মোৰ মতে 'বিশ্বগুৰু' শব্দটো আমি কোৱা উচিত নহয়, আমি বিশ্বগুৰু নহয়।' তেওঁ আৰু কয়, 'আমি এসময়ত বিশ্বগুৰু আছিলোঁ। বিশ্বগুৰু হোৱা উচিত, কিন্তু সম্প্রতি আমি বিশ্বগুৰু নহয়। কিন্তু সংস্কৃত সেই দৃষ্টিৰে বহুত গুৰুত্বপূৰ্ণ। কাৰণ এতিয়া নাছাৰ লোকে বাৰে বাৰে কয় যে সংস্কৃত আদান-প্রদানৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ভাষা।'
প্রাক্তন মন্ত্রীজনে আৰু কয় যে মই ভাবোঁ যে যদি আমি সংস্কৃতক সোনকালেই বিশ্বৰ আদান-প্রদানৰ ভাষা হিচাপে গঢ়ি তুলিব পাৰোঁ তেন্তে ভাৰতৰ এক অভূতপূর্ব অৱদান হ'ব। কাৰণ এই ভাষাত সেই শক্তি আছে যি বহুত বিশাল জ্ঞানৰ সমুদ্রক এটা চিপিত আবদ্ধ কৰিব পাৰে।'