ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাই ৰাছিয়া-ইউক্রেইনৰ দৰে এক দীঘলীয়া যুদ্ধৰ বাবে প্রস্তুতি চলাইছে। সেনাৰ এজন বিষয়াই এই কথা প্রকাশ কৰি কয় যে সেনাই ৭-১০ বছৰলৈকে একেৰাহে যুদ্ধ কৰিব পৰা ক্ষমতা আহৰণ কৰাৰ চেষ্টা কৰি আছে। বিষয়াজনৰ মতে ভাৰতীয় সেনাই দীঘলীয়া যুদ্ধৰ বাবে প্ৰয়োজন হোৱাকৈ গোলা-বাৰুদ ক্ৰয়ৰ অৰ্ডাৰ দিব।
ইয়াৰ বাবে চৰকাৰী খণ্ডৰ লগতে ব্যক্তিগত খণ্ডৰ কোম্পানীকো গোলা-বাৰুদৰ অৰ্ডাৰ দিয়াৰ বাবে পদক্ষেপ গ্রহণ কৰিছে। বিষয়াজনে এ বি পি নিউজক কয় যে গোলা-বাৰুদ তৈয়াৰ কৰা ব্যক্তিগত খণ্ডৰ আগশাৰীৰ কোম্পানীৰ প্ৰতিৰক্ষা খণ্ডত অংশগ্ৰহণ সুনিশ্চিত কৰাৰ কাৰণে অহা ৭-১০ বছৰ একেৰাহে অৰ্ডাৰ দিয়াৰ আশ্বাস দিয়া হৈছে। উল্লেখযোগ্য যে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত কিছুবছৰৰ আগলৈকে কেৱল চৰকাৰী খণ্ডৰ কোম্পানীৰ আধিপত্য আছিল। এতিয়া ব্যক্তিগত খণ্ডৰো ইয়াত প্ৰৱেশ ঘটিছে। ব্যক্তিগত খণ্ডৰ কোম্পানীক প্ৰতিৰক্ষা সামগ্ৰীৰ যোগান ধৰাত সহায় হোৱাকৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অলপতে নতুন 'ডিফেন্স প্রকিউৰমেন্ট মেনুৱেল' (ডি পি এম) জাৰি কৰে। ইয়াত সশস্ত্র বাহিনীসমূহে ব্যক্তিগত কোম্পানীৰ পৰা অস্ত্র-শস্ত্ৰ ক্ৰয়ত আগতীয়া অনুমতি লোৱাৰ চৰ্ত বিলোপ কৰা হয়।
ভাৰতীয় সেনাই প্রায় ১৭৫বিধ বিভিন্নধৰণৰ গোলা-বাৰুদ ব্যৱহাৰ কৰে। ইয়াৰে বিশেষকৈ ১৩৫ কেলিবাৰৰ অস্ত্ৰ এতিয়া ডি আৰ ডি অ' আৰু ৰাজহুলা খণ্ডৰ প্ৰতিৰক্ষা প্রতিষ্ঠান তথা ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে তৈয়াৰ কৰে। ইফালে ভাৰতে নিজৰ প্ৰতিৰক্ষা ক্ষমতা অধিক বৃদ্ধি কৰি এক নতুন ড্রন প্রণালী ক্রয় কৰিব। স্বার্ম আনমেন্ড মিউনিচন ছিষ্টেম (SUMS) নামৰ এই ড্রন প্রণালীয়ে ৩৫০ কিল মিটাৰ দূৰত্বত থকা শত্ৰুৰ ঠিকনাত নিখুঁতভাৱে আক্ৰমণ কৰি বিধ্বস্ত কৰিব পাৰে। এই প্রণালীটোত একেলগে ২০ ড্ৰনক আক্ৰমণ কৰিবলৈ প্ৰেৰণ কৰিব পাৰে। লয়টৰিং মিউনিশ্যৰ এই ড্রনসমূহে শত্ৰুৰ ঘাটি চিনাক্ত কৰি তাত একেবাৰে নিখুঁতভাৱে আক্ৰমণ কৰি বিধ্বস্ত কৰিব পাৰে। এই ড্রনসমূহে ৩৫০ কিল'মিটাৰ দূৰত্ব অতিক্ৰম কৰি কমেও আধা ঘণ্টা আকাশত উৰি থাকিব পাৰে। ড্রনসমূহে ৰৈ থকা আৰু গৈ থকা লক্ষ্যতো আঘাত হানিব পাৰে।
প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে যোৱা ২৫ অক্টোবৰত এই সম্পৰ্কত এটা প্রস্তাৱ লাভকৰে। ইয়াত উল্লেখ কৰা মতে এই ড্রনসমূহ জেট ইঞ্জিনৰ লগতে বেটাৰিৰেও চলাব পাৰি আৰু ৩০ কিল'গ্রাম অস্ত্র লৈ যাব পাৰে। ইয়াত প্রয়োজনীয় চেন্সৰ, ইলেক্ট্রনিক জামাৰ, কমিউনিকেশ্যন প্রণালী তথা নেভিগেশ্যন সঁজুলি আছে। ইয়াৰ লগতে এই প্রণালীটোৱে শত্ৰুৰ এয়াৰ ডিফেন্স প্রণালী জাম কৰিব পাৰে আৰু ৰাডাৰকো ধূলি মাৰিব পাৰে তথা কেইমুহূৰ্তমানৰ ভিতৰত শত্ৰুৰ কমাণ্ড-এণ্ড-কন্ট্রল প্রণালী বিধ্বস্ত কৰিব পাৰে। ভাৰতে এনেধৰণৰ ৮০০ ড্ৰন কৰিবলৈ বিচাৰিছে।