প্রাকৃতিক দুর্যোগ, বিশ্বৰ নৱৰ্ম স্থানত ভাৰত

dainik janambhumi November 13, 2025

ডিজিটেল ডেস্ক : তিনিটা দশক ধৰি জলবায়ু সম্বন্ধীয় প্রাকৃতিক দুর্যোগত আক্রান্ত বিশ্বৰ দেশসমূহৰ তালিকাত ভাৰত নৱম স্থানত আছে। ১৯৯৫ চনৰ পৰা ২০২৪ চনলৈকে খৰাং, ঘূর্ণী বতাহ, আকস্মিক বান আদি ৪৩০টা অতি প্রতিকূল বতৰ সম্বন্ধীয় ঘটনাত ভাৰতত ৮০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে। গোলকীয় উষ্ণতাৰ বাবে অসময়ত হোৱা আকস্মিক বান, লু, বা-মাৰলী আদি জলবায়ু সম্বন্ধীয় প্রাকৃতিক দুৰ্যোগৰ বাবে ৩০ বছৰৰ ভিতৰত সমগ্র বিশ্বত ৮ লাখ ৩০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু বিশ্বৰ দেশসমূহৰ ৪.৫ ট্রিলিয়ন ডলাৰৰ বিত্তীয় ক্ষতি হৈছে। 

পৰিৱেশ থিংক টেংক জার্মানৱাটছে ব্রাজিলত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু শীর্ষ সম্মিলনত (কপ-৩০) প্রকাশ কৰা জলবায়ু বিপদাশংকা সূচকাংক (চি আৰ আই) ২০২৬ত এই তথ্য প্রকাশ কৰিছে। যোৱা ৩০ বছৰত এই জলবায়ু সম্বন্ধীয় প্রাকৃতিক দুর্যোগত ভাৰতৰ ১৭ হাজাৰ কোটি ডলাৰৰ আৰ্থিক ক্ষতি হৈছে বুলি প্রতিবেদনখনত প্রকাশ পাইছে। ভাৰতত এই আর্থিক ক্ষতিৰ মূল কাৰকবোৰ হৈছে প্রতি বছৰে অহা বান, ঘূর্ণী বতাহ, খৰাং আৰু লু। 

গোলকীয় উষ্ণতাৰ বাবে এই প্রাকৃতিক দুর্যোগবোৰ ক্ৰমাৎ বাঢ়িবলৈ লৈছে ভাৰতত। ১৯৯৮ চনত গুজৰাটত ঘূর্ণী বতাহ, ১৯৯৯ চনত ওড়িশাত ছুপাৰ চাইক্ল'ন, ২০১৩ চনত উত্তৰাখণ্ডত আকস্মিক বান আদি জলবায়ু সম্বন্ধীয় প্রাকৃতিক দুৰ্যোগৰ বাবে ভাৰতৰ চি আৰ আই ৰেংকিং ৯ম হৈছে। প্রতিবেদনখনৰ মতে, ২০২৪ চনত ভাৰতত প্ৰবল বৰষুণৰ ফলত সৃষ্টি হোৱা আকস্মিক বানত ৮০ লাখতকৈ অধিক লোক প্রভাবিত হয়।

Share This