ডিজিটেল ডেস্ক : অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি তীব্র ভাবুকি সৃষ্টি কৰি তিব্বতৰ গ্রেট বেণ্ড অঞ্চলত ব্রহ্মপুত্র নদীৰ ওপৰত চীনে নির্মাণ কৰিবলৈ লোৱা ৬০,০০০ মেগাৱাটৰ মেগা বান্ধ বা মেডগ জলবিদ্যুৎ প্রকল্প (Medog Hydropower Station)ৰ পৰা হ'ব পৰা ক্ষতি প্রতিহত কৰিবলৈ ভাৰতে গ্ৰহণ কৰিছে সু-পৰিকল্পিত আঁচনি।
উল্লেখযোগ্য যে ই সমগ্র বিশ্বৰ আটাইতকৈ বৃহৎ আৰু বিতর্কিত আন্তঃগাঁথনি প্রকল্প। ২০২৫ চনৰ মাজভাগৰ পৰা ইয়াৰ নির্মাণকার্য আনুষ্ঠানিকভাৱে তীব্রতৰ হৈ উঠিছে। চীনে নির্মাণ কৰিবলৈ লোৱা এই মেগা বান্ধৰ সামৰিক আৰু ভূ-ৰাজনৈতিক প্রভাৱ প্রতিহত কৰিবলৈ ভাৰতে এক সু-পৰিকল্পিত প্রতিৰক্ষা আৰু ৰণনৈতিক কৌশল গ্রহণ কৰিছে। এই ৰণনীতিৰ অংশ হিচাপে অৰুণাচল প্রদেশত ভাৰত চৰকাৰে প্রায় ১১,০০০ মেগাৱাট ক্ষমতাসম্পন্ন এক বৃহৎ জলবিদ্যুৎ প্রকল্পৰ পৰিকল্পনা কৰিছে। ইয়াৰ মূল উদ্দেশ্য বিদ্যুৎ উৎপাদন কৰা নহয়, বৰঞ্চ এক বিশাল জলাধাৰ নির্মাণ কৰা। চীনে যদি যুদ্ধৰ সময়ত বা হঠাতে বান্ধৰ পানী এৰি দিয়ে তেন্তে এই ছিয়াং বান্ধে সেই পানী ধৰি ৰাখি অসম আৰু অৰুণাচলক ধ্বংসৰ পৰা ৰক্ষা কৰিব। একেদৰে চীনে পানী আৱদ্ধ কৰিলে এই জলাধাৰৰ পৰা নামনিলৈ পানী যোগান ধৰা হ'ব। চীনৰ যিকোনো আকস্মিক আক্রমণ বা কৃত্রিম বানৰ ফলত হ'ব পৰা যোগান ব্যৱস্থাৰ ব্যাঘাত ৰোধ কৰিবলৈ ভাৰতীয় সেনা আৰু সীমান্ত পথ সংস্থাই সীমান্তত যুদ্ধকালীন তৎপৰতাৰে কাম কৰিছে। অৰুণাচলৰ সীমান্তলৈ সেনা আৰু গধুৰ অস্ত্র-শস্ত্র কম সময়ত লৈ যাবলৈ ছেলা টানেল আৰু নেচিপু টানেলৰ দৰে গুৰুত্বপূর্ণ প্রকল্প সম্পূর্ণ কৰা হৈছে। বর্তমান চীন সীমান্তৰ একেবাৰে ওচৰত থকা মেডগৰ বিপৰীতে ভাৰতৰ টুটিং আৰু মেছুকা সংযোগী পথসমূহ ৪-লেনযুক্ত কৰা হৈছে। অৰুণাচলৰ পাছিঘাট, মেডুকা, টুটিং আৰু জিৰোত থকা বায়ুসেনাৰ বিমান ঘাটিসমূহ আধুনিকীকৰণ কৰা হৈছে, যাতে জৰুৰীকালীন অৱস্থাত যুদ্ধবিমান আৰু গধুৰ সামৰিক পৰিবাহী বিমান সহজে অৱতৰণ কৰাব পাৰি। তদুপৰি ভাৰতীয় প্রতিৰক্ষা সংস্থাসমূহে ISROৰ চোৰাংচোৱা উপগ্রহসমূহৰ জৰিয়তে তিব্বতৰ গ্রেট বেণ্ড অঞ্চলৰ চীনৰ প্রতিটো নির্মাণকার্য আৰু পানীৰ স্তৰ ২৪ ঘণ্টাই নিৰীক্ষণ কৰি আছে। ব্রহ্মপুত্রৰ নামনি অংশত থকা বাংলাদেশৰ সৈতে ভাৰতে ৰাজনৈতিক মিত্রতা গঢ়ি তুলিছে। আন্তঃৰাষ্ট্ৰীয় মঞ্চত চীনক একপক্ষীয়ভাৱে নদীৰ গতি সলনি কৰা বা ক্ষতি কৰাৰ বিৰুদ্ধে হেঁচা দিবলৈ দুয়োখন দেশে যুটীয়া জল-কূটনীতি ব্যৱহাৰ কৰিছে। ভাৰতৰ এই প্রতিৰক্ষা ৰণনীতিৰ মূল লক্ষ্য হৈছে-চীনক এই কথা বুজাই দিয়া যে পানীৰ প্রবাহক অস্ত্র হিচাপে ব্যৱহাৰ কৰিলে ভাৰতেও উচিত প্রত্যুত্তৰ দিবলৈ সাজু।
উল্লেখযোগ্য যে, এই বান্ধটোৱে অসমৰ জল সুৰক্ষা, পৰিৱেশ আৰু অর্থনীতিত ভয়াৱহ প্রভাৱ পেলাব। যুদ্ধ বা ভূ-ৰাজনৈতিক উত্তেজনাৰ সময়ত চীনে যদি হঠাতে বান্ধৰ পানী এৰি দিয়ে, তেন্তে অৰুণাচল আৰু অসমত হঠাতে ধংসকাৰী বানপানীৰ সৃষ্টি হ'ব। এইকাৰণেই ইয়াক বিশেষজ্ঞসকলে এক 'বাটাৰ ব'ম' বুলি আখ্যা দিছে। বাৰিষাৰ সময়ত চীনৰ ফালৰ পৰা অতিৰিক্ত পানী এৰি দিলে অসমৰ বছৰেকীয়া বানপানীৰ সমস্যা অধিক ভয়াৱহ হৈ পৰিব। খৰাং বতৰত (শীতকালত) চীনে যদি বান্ধৰ পানী ধৰি ৰাখে বা নিজৰ খৰাং অঞ্চললৈ ডাইভার্ট কৰে, তেন্তে ব্রহ্মপুত্রৰ পানীৰ প্রৱাহ বহুখিনি হ্রাস পাব। ইয়াৰ ফলত অসমত পানীৰ নাটনি হ'ব আৰু কৃষিকার্য ব্যাহত হ'ব।
ব্রহ্মপুত্রই তিব্বতৰ পৰা কঢ়িয়াই অনা সাৰুৱা পলস অসমৰ কৃষিভূমিৰ বাবে অতি প্রয়োজনীয়। বান্ধটোৱে এই পলস আৱদ্ধ কৰি ৰাখিব, যাৰ ফলত অসমৰ নদী উপত্যকাৰ স্বাভাৱিক উৰ্বৰতা হ্রাস পাব। যিটো অঞ্চলত এই বান্ধটো নির্মাণ কৰি থকা হৈছে, সেইটো এটা অধিক ভূমিকম্পপ্রৱণ অঞ্চল। যদি কোনো ডাঙৰ ভূমিকম্পৰ বাবে এই বিশাল বান্ধটো ছিগি যায়, তেন্তে নামনি অংশত থকা অৰুণাচল আৰু অসম সম্পূর্ণৰূপে ধ্বংস হৈ যাব। ব্রহ্মপুত্রৰ জলস্তৰৰ অনিয়ন্ত্রিত পৰিৱর্তনে কাজিৰঙাৰ দৰে ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ তন্ত্র ধ্বংস কৰিব। লগতে ব্রহ্মপুত্রৰ মাছ আৰু নদীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা লাখ লাখ মৎসজীৱী তথা কৃষকৰ জীৱিকা বিপন্ন হ'ব। চীনে ভাৰতৰ সৈতে কোনো আনুষ্ঠানিক নদী পানী ভাগ-বাটোৱাৰা কৰা চুক্তিত স্বাক্ষৰ কৰা নাই, যাৰ বাবে ভাৰতে এই প্রকল্পৰ বিৰুদ্ধে অৰুণাচলত নিজাকৈ এক প্রতিৰোধী বান্ধ নির্মাণৰ পৰিকল্পনা কৰিছে।