সৰ্বকালৰ সৰ্বাধিক প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি ভাৰতৰ

dainik janambhumi April 06, 2026

ডিজিটেল ডেস্ক : ভাৰতে প্রতিৰক্ষা সামগ্রী ৰপ্তানিৰ ক্ষেত্রত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বিশ্বৰ অস্ত্রৰ বজাৰত দ্রুত উত্থানেৰে ২০২৫-২৬ বিত্তীয় বৰ্ষত বর্তমানলৈকে সর্বোচ্চ পৰিমাণৰ প্রতিৰক্ষা সামগ্রী ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। কেন্দ্রীয় প্রতিৰক্ষা মন্ত্র্যালয়ৰ তথ্য অনুসৰি ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতে ৩৮,৪২৪ কোটি টকাৰ প্রতিৰক্ষা সামগ্রী বিভিন্ন দেশলৈ ৰপ্তানি কৰিছে। যিটো ভাৰতৰ প্রতিৰক্ষা সামগ্রী ৰপ্তানিৰ ইতিহাসত বর্তমানলৈকে সর্বোচ্চ। 

২০১৬-১৭ বিত্তীয় বৰ্ষতকৈ যোৱাটো বিত্তীয় বর্ষৰ ৰপ্তানিৰ পৰিমাণ ২৫ গুণ বেছি। উল্লেখযোগ্য যে ভাৰতৰ প্রতিৰক্ষা সামগ্রী ৰপ্তানিৰ পৰিমাণে ২০১৮-১৯ বর্ষতে ১০ হাজাৰ কোটি টকাৰ সংখ্যা অতিক্রম কৰিছিল। 

অৱশ্যে, কভিড-১৯ৰ সংক্ৰমণৰ সময়ত ২০২১-২২ বৰ্ষত সামান্য কমিছিল যদিও পুনৰ ২০২৩-২৪ বৰ্ষৰ পৰা ৰপ্তানিৰ পৰিমাণ দ্রুত গতিত বাঢ়িবলৈ ধৰে। বিশ্বৰ বজাৰত যে ভাৰতত থলুৱাভাৱে নির্মিত প্রতিৰক্ষা সামগ্রীৰ গুৰুত্ব বৃদ্ধি পাইছে সেয়া ৰপ্তানিৰ বৃদ্ধিৰ তথ্যই প্রমাণ কৰে।

Share This