ডিজিটেল ডেস্ক : বিশ্বৰ অস্ত্র-শস্ত্র আমদানিকাৰী দেশসমূহৰ তালিকাত ভাৰত দ্বিতীয় স্থানত আছে। ভাৰতত 'মেক ইন ইণ্ডিয়া' আঁচনিৰ অধীনত থলুৱাভাৱে অস্ত্র নির্মাণ অব্যাহত আছে যদিও ই আমদানিৰ পৰিমাণ সামান্যহে কমাব পাৰিছে। ষ্টকহ'ম ইণ্টাৰনেশ্যনেল পীচ ৰিছাৰ্চ ইনষ্টিটিউটৰ (এছ আই পি আৰ আই) প্রতিবেদনত এই তথ্য প্রকাশ পাইছে।
তথ্য অনুসৰি ২০২১ চনৰ পৰা ২০২৫ চনলৈ বিশ্বৰ অস্ত্র আমদানিৰ মুঠ হাৰৰ ৮.২ শতাংশই ভাৰতে আমদানি কৰিছে। পূৰ্বে ভাৰতে ৰাছিয়াৰ ওপৰতে অস্ত্ৰৰ ক্ষেত্রত সর্বাধিক নিৰ্ভৰ কৰিছিল যদিও এতিয়া সেই নিৰ্ভৰশীলতা কমিছে। এতিয়া ভাৰতে ফ্রান্স, ইজৰাইল আদি দেশৰ পৰাও অস্ত্র ক্রয় কৰে।
প্রতিবেদনৰ তথ্য অনুসৰি ২০১১-১৫ বর্ষ পর্যন্ত ভাৰতে ৭০ শতাংশ অস্ত্র-শস্ত্ৰ ৰাছিয়াৰ পৰা আমদানি কৰিছিল যদিও ২০২১-২৫ বর্ষলৈ এই হাৰ ৪০ শতাংশলৈ হ্রাস পালে। বর্তমান ভাৰতৰ আমদানিকৃত অস্ত্ৰৰ ২৯ শতাংশ ফ্ৰান্সৰ পৰা আৰু ১৫ শতাংশ ইৰজাইলৰ পৰা আহে। ইফালে 'মেক ইন ইণ্ডিয়া' আঁচনি প্ৰৱৰ্তনৰ পাছতে ২০১৬-২০ বর্ষতকৈ ভাৰতৰ অস্ত্র আমদানিৰ পৰিমাণ ৪ শতাংশহে হ্রাস পাইছে।