ডিজিটেল ডেস্ক: ইংৰাজী নৱবৰ্ষৰ আগমুহূৰ্তত ভাৰতৰ কৃষিখণ্ডলৈ আহিল ব্যাপক সাফল্য। চীনৰ দীৰ্ঘদিনীয়া আধিপত্য ভাঙি বিশ্বৰ সৰ্বাধিক ধান উৎপাদনকাৰী দেশ হিচাপে শীর্ষস্থান দখল কৰিলে ভাৰতে। মার্কিন কৃষি গৱেষণা সংস্থা 'ইউনাইটেড ষ্টেচ্ছ ডিপার্টমেন্ট অব এগ্রিকালচাৰ' (ইউ এছ ডি এ)ৰ সদ্য প্রকাশিত প্রতিবেদনত এই তথ্য পোহৰলৈ আহিছে।
সংস্থাটোৱে যোৱা ডিচেম্বৰ মাহত প্রকাশ কৰা প্ৰতিবেদন অনুসৰি বৰ্তমান ভাৰতত ধান উৎপাদন হৈছে ১৫২ মিলিয়ন মেট্রিকটন। আনহাতে, চীনৰ উৎপাদন ১৪৬ মিলিয়ন মেট্রিকটন। ফলস্বৰূপে বিশ্বত ধান উৎপাদনৰ প্ৰায় ২৮ শতাংশই এতিয়া ভাৰতৰ দখলত। এইবেলি প্ৰথমবাৰৰ বাবে চীনক পিছপেলাই ধান উৎপাদনৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ ভিতৰতে শীর্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। বিশেষজ্ঞসকলৰ মতে, উৎপাদনৰ পৰিমাণৰ লগে লগে বৈচিত্র্যৰ ফালৰ পৰাও ভাৰতৰ অৱস্থান অনন্য।
ইফালে আন এক তথ্য মতে ধান উৎপাদনত দেশৰ ভিতৰতে শীৰ্ষত আছে পশ্চিম বংগ। ২০২৪-২৫ বিত্তীয় বৰ্ষত উত্তৰ প্ৰদেশ আৰু পঞ্জাবক পিছ পেলাই পশ্চিম বংগই প্রায় ২৫৬.৫৩ লাখ মেট্রিকটন ধান উৎপাদন কৰি শীর্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। ইফালে উত্তৰ প্রদেশে প্রায় ১২.৫ মিলিয়ন টন উৎপাদনেৰে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। ঠিক সেইদৰে পঞ্জাবে প্রায় ১১.৪২ মিলিয়ন টন আৰু তামিলনাডুৱে প্রায় ৭.৯৮ মিলিয়ন টন ধান উৎপাদন কৰে। জানিব পৰা মতে বিশ্বত প্রায় এক লাখ ২৩ হাজাৰ প্ৰজাতিৰ ধান পোৱা যায়। ইয়াৰে প্রায় ৬০ হাজাৰ প্ৰজাতিৰ ধান ভাৰতত আছে।
উল্লেখযোগ্য যে ভাৰতে দীর্ঘদিন ধৰি ধান উৎপাদনত প্রথম শাৰীত আছিল যদিও চীনক তলত এৰি শীৰ্ষত পোৱাটো সম্ভৱ হোৱা নাছিল। কিন্তু এই বৰ্ষত ভাৰতে সেই ছবিখনক ওলটাই দিবলৈ সক্ষম হৈছে। ইফালে 'ইণ্টাৰনেশ্যনেল ৰাইজ ইনষ্টিটিউট'ৰ দক্ষিণ-এছিয়াৰ আঞ্চলিক কেন্দ্ৰৰ সঞ্চালক ড° সুধাংশু সিঙে মত প্রকাশ কৰি কয় যে ভাৰতে বিশ্বৰ সৰ্বাধিক ধান উৎপাদনকাৰী দেশ হিচাপে স্থান দখল কৰাটো নিঃসন্দেহে এক বৃহৎ সাফল্য। তেওঁৰ মতে বর্তমান ভাৰতৰ চাউল ১৭২খন দেশত ৰপ্তানি হৈছে আৰু ক্ৰমানে ধান ভাৰতৰ বিদেশী বাণিজ্য আৰু কূটনীতিৰ গুৰুত্বপূৰ্ণ এক আহিলা হৈ পৰিছে। জানিব পৰা মতে, ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতে ৪ লাখ ৫০ হাজাৰ ৮৪০ কোটি টকাৰ কৃষিপণ্য ৰপ্তানি কৰিছে। ইয়াৰে প্ৰায় ২৪ শতাংশ ধান আছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ভাৰতে অকল বাছমতি আৰু অন্যান্য চাউল ৰপ্তানি কৰিয়ে এটা বছৰত প্রায় এক লাখ ৫ হাজাৰ ৭২০ কোটি টকাৰ বৈদেশিক মুদ্রা আয় কৰিবলৈ সক্ষম হৈছে।
ইফালে কৃষিখণ্ডত অসমৰ ছবিখন হতাশজনক। ৰাজ্যখনৰ প্ৰায় ৭০ শতাংশ লোক কৃষিকাৰ্যৰ সৈতে প্রত্যক্ষ-পৰোক্ষভাৱে জড়িত। কিন্তু এই কৃষিপ্রধান ৰাজ্যখনৰ কৃষিভূমি দিনকদিনে কমি আহিছে। প্রাপ্ত তথ্য মতে বিগত তেৰটা বছৰত ৰাজ্যখনত ধান খেতি কৰা কৃষিভূমি প্রায় ২.৬২ হেক্টৰ হ্রাস পাইছে। বিঘা হিচাপে ইয়াৰ পৰিমাণ প্রায় ১৯.৬৫ লাখ বিঘা। উল্লেখযোগ্য যে ২০২৩-২৪ বৰ্ষত ৰাজ্যখনত ধান খেতি কৰা হৈছিল প্রায় ২৩,০৮ লাখ হেক্টৰ ভূমিত আৰু মুঠ কৃষিভূমিৰ পৰিমাণ আছিল ২৫.৮৩ লাখ হেক্টৰ।