ডিজিটেল ডেস্ক: অসমবাসীৰ বাবে সুখবৰ। ইতিহাস সৃষ্টি কৰি অহা মাহত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইছি। গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰত-জাপান সন্মিলন। ছেমি কণ্ডাক্টৰ, বিনিয়োগ আৰু এ আইক লৈ বিশেষভাৱে আলোচনা অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তিও স্বাক্ষৰ হ'ব।
প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্রমণে অসম আৰু জাপানৰ মাজত সম্পর্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে জাপানী কোম্পানীসমূহে অসমত বিনিয়োগ কৰাত সহায়ক হ'ব বুলি আশা কৰা হৈছে।
উল্লেখযোগ্য যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ সময়ত অনুষ্ঠিত হ'বলগীয়া সন্মিলনক লৈ কালি দিছপুৰত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত অসম মন্ত্রীসভাৰ সকলো মন্ত্রী উপস্থিত থাকে। বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° শর্মাই সবিশেষ প্ৰকাশ কৰাৰ পৰিৱৰ্তে মাথোঁ কয়- 'এটি বিশেষ বিষয়, এখন বিশেষ বৈঠক আৰু এক ঐতিহাসিক ক্ষণলৈ অপেক্ষা।' অৱশ্যে তেওঁ শীঘ্রেই সবিশেষ অৱগত কৰিম বুলিও জানিবলৈ দিয়ে।
মন কৰিবলগীয়া কথা যে জাপানাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমলৈ অহাৰ বাবে ২০১৯ চনতে এক কাৰ্যসূচী হাতত লৈছিল। কিন্তু সেই সময়ত নাগৰিকত্ব সংশোধনী আইন (কা)ক কেন্দ্ৰ কৰি ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ আছিল। বিদেশী ৰাষ্ট্ৰ নেতাগৰাকীৰ ভ্ৰমণৰ সময়ত পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা কৰি শেষত উক্ত ভ্রমণসূচী বাতিল কৰা হৈছিল, যাৰ ফলত অসমৰ বহু ক্ষতি হৈছিল। অৱশ্যে ইয়াৰ পাছত বিগত বৰ্ষত জাপানৰ নিম্ন সদন হাউছ অৱ ৰিপ্রেজেন্টেটিছৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰ'ৰ নেতৃত্বত দেশখনৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল অসমলৈ আহি আই আই টি গুৱাহাটীৰ আমিনগাঁৱত থকা আছিয়ান ৱান টেকনিকেল ডেভেলপমেন্ট চেণ্টাৰ আৰু জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পথলী পৰিদৰ্শন কৰে। সেই সময়ত প্রতিনিধি দলটোৱে জাপান চৰকাৰৰ উদ্যোগত অসমৰ যুৱক-যুৱতীসকলক জাপানিজ ভাষাৰ লগতে বিভিন্ন কাৰিকৰী দিশত প্ৰশিক্ষণৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিব বুলি জনাইছিল।
জাপানৰ প্ৰতিনিধিৰ দলটোৰ সৈতে ৰাজ্যপাল লক্ষণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সেই সময়ৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীও বৈঠকত মিলিত হৈছিল। এনে পৰিস্থিতিত অহা মাহত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ অহাৰ বিষয়টো ৰাজ্যখনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।