শৃংখলাত ২-০৩ অগ্রগতি ভাৰতৰ, ঈশান কিষাণৰ ৭৬, সূৰ্যকুমাৰ অপঃ ৮২

dainik janambhumi January 24, 2026

ডিজিটেল ডেস্ক : ঈশান কিষাণৰ ৩২টা বলত ৭৬ আৰু ২৩টা ইনিংছৰ পাছত অধিনায়ক সূর্যকুমাৰ যাদৱৰ (অপঃ ৮২) প্ৰথমটো অর্ধশতকীয় ইনিংছৰ সহায়ত কালি দ্বিতীয় টি-২০ ক্রিকেটত নিউজিলেণ্ডক ৭ উইকেটত পৰাজিত কৰে ভাৰতে। নিউজিলেণ্ডৰ ৬ উইকেটত ২০৮ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে ১৫.২ অ'ভাৰত তিনিটা উইকেট হেৰুৱাই ২০৯ ৰান কৰি জয় সাব্যস্ত কৰে। ভাৰতে অৱশ্যে আৰম্ভণিতেই দলীয় স্ক'ৰ ৬ ৰানত সঞ্জু ছেমছন (৬) আৰু অভিষেক শৰ্মাৰ (০) উইকেট হেৰুৱাইছিল।

পিছে ঈশান আৰু সূর্যকুমাৰৰ বিধ্বংসী বেটিঙৰ জৰিয়তে ভাৰতে ৫খনীয়া শৃংখলাত ২-০ ব্যৱধানত অগ্রগতি লাভ কৰে। শিভম ডুবেই ১৮টা বলত অপৰাজিত ৩৬ ৰানৰ অৱদান যোগায়। ইয়াৰ আগেয়ে বেটিং সহায়ক পিটচত নিউজিলেণ্ডে পোনতে বেট ধৰি ৬ উইকেটত ২০৮ ৰান কৰে। 

ৰাচীন ৰবীন্দ্ৰৰ ২৬টা বলত ৪৪ আৰু অধিনায়ক মিচেল ছাণ্টনাৰৰ ২৭টা বলত অপৰাজিত ৪৭ ৰানৰ জৰিয়তে কিৱি বাহিনীয়ে ২০০ ৰানৰ সীমা পাৰ কৰিবলৈ সক্ষম হয়। ডেভন কনৱে' (১৯) আৰু টিম ছিফার্টে (২৪) নিউজিলেণ্ডক ভাল আৰম্ভণি দিবলৈ সক্ষম হৈছিল যদিও উভয়ে খৰতকীয়াকৈ আউট হয়। ভাৰতৰ কুলদীপ যাদবে সর্বাধিক দুটা আৰু হার্দিক পাণ্ডিয়া, হর্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী, শিৱম ডুবেই এটাকৈ উইকেট পায়।

Share This