ডিজিটেল ডেস্ক: অধিনায়িকা ল'ৰা ৱালভাৰ্টৰ অৰ্ধ শতৰানৰ সহায়ত প্রথমখন টি-২০ মেচত দক্ষিণ আফ্রিকাই ভাৰতক ছয় উইকেটত পৰাজিত কৰে। দুমাহৰ পাছত আৰম্ভ হ'বলগীয়া মহিলা টি-২০ বিশ্ব কাপৰ আগে আগে এই দুখনীয়া শৃংখলাটো গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে।
শুকুৰবাৰে ভাৰতীয় দলটোৱে প্রথমে বেটিং কৰি সাত উইকেট হেৰুৱাই ১৫৭ ৰান সংগ্ৰহ কৰে। শেফালি বার্মাই ২০টা বলত ৩৪, জেমিমা ৰড্রিগজে ২৯টা বলত ৩৬ ৰান কৰে। দলৰ হৈ সৰ্বাধিক ৪৭ ৰান (৩৩টা বলত) কৰে অধিনায়িকা হৰমনপ্রীত কৌৰে।
প্ৰত্যুত্তৰত দক্ষিণ আফ্রিকাই পাঁচটা বল বাকী থকা অৱস্থাত চাৰিটা উইকেট হেৰুৱাই জয়ৰ বাবে প্রয়োজনীয় ৰানখিনি সংগ্ৰহ কৰে। ল'ৰা বল্ভার্টে ৩৯টা বলত ৫১ ৰান আৰু অন্নেকে বস্কে অপৰাজিত ৪৪ ৰান কৰে।