বৈভৱৰ আন্তঃৰাষ্ট্ৰীয় অভিষেক দ্বিতীয় টি-২০ত ভাৰত পৰাজিত 

dainik janambhumi July 05, 2026

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টি-২০ শৃংখলাৰ কালি অনুষ্ঠিত দ্বিতীয়খন মেচত ভাৰত চাৰি উইকেটত পৰাজিত হয়। প্রথমে বেটিং কৰি ভাৰতে ইংলেণ্ডৰ সন্মুখত ১৯১ ৰানৰ জয়ৰ লক্ষ্য বান্ধি দিয়ে। ভাৰতৰ হৈ ঈশান কিষানে সর্বাধিক ৪৯ৰান, অভিষেক শর্মাই ৪৩ আৰু অধিনায়ক শ্রেয়াষ আয়াৰে ৩৭ৰান কৰে। 

ভাৰতৰ হৈ প্রথমখন মেচ খেলা বৈভৱ সূর্যবংশীয়ে ১৪ৰান কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে ১৯ অ'ভাৰত ছটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। ইংলেণ্ডৰ জেকব বেথেল ৪৫টা বলত ৫টা চাৰি আৰু ৫টা ছয়েৰে ৭৬ বানত অপৰাজিত হৈ থাকে। অধিনায়ক হেৰী ব্ৰুক আৰু টম বেণ্টন উভয়ে ৩৯ ৰানৰ অৱদান আগবঢ়ায়। 

ভাৰতৰ বৈভৱ সূর্যবংশীৰ কালি ভাৰতীয় দলৰ হৈ আন্তঃৰাষ্ট্রীয় ক্রিকেটত অভিষেক ঘটে। ইয়াত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন টি-২০ত ইনিংছ মুকলি কৰাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় মেচত অভিষেক ঘটা সর্বকনিষ্ঠ খেলুৱৈৰূপে পৰিগণিত হয়। কালি তেওঁ ভাৰতীয় দলৰ হৈ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ সময়ত তেওঁৰ বয়স হয় ১৫ বছৰ ৯৯ দিন। ইয়াৰ লগে লগে তেওঁ শচীন টেণ্ডুলকাৰে ১৬ বছৰ ২০৫ দিনত ভাৰতৰ হৈ প্রথম আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ অভিলেখ ভংগ কৰে। ইয়াৰ লগতে মহিলা ক্রিকেটাৰ শেফালি বাৰ্মাৰ ১৫ বছৰ ২৩৯ দিনত প্রথম আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ অভিলেখো ভংগ কৰে।

Share This