ডিজিটেল ডেস্কঃ ক্রিকেট বিশ্বই লাভ কৰিলে এটা নতুন মহিলা চেম্পিয়ন দল। ভাৰতে কালি দক্ষিণ আফ্রিকাক ৫২ ৰানত হৰুৱাই আই চি চি মহিলা বিশ্ব কাপত প্রথমবাৰলৈ খিতাপ জয়ৰ কৃতিত্ব অর্জন কৰিলে।
২০০৫ আৰু ২০১৭ চনত ফাইনেলত প্ৰৱেশ কৰিলেও, জয়ী হ'ব পৰা নাছিল ভাৰতে। পিছে এইবাৰ সেই বিফলতাক একাষৰীয়া কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে হৰমনপ্ৰীত কৌৰ বাহিনীয়ে। ফাইনেলত পোনতে বেট ধৰি ভাৰতে কৰিছিল ৭ উইকেটত ২৯৮ ৰান। প্ৰত্যুত্তৰত দক্ষিণ আফ্রিকাই ৪৬.৩ অ'ভাৰত ২৪৬ ৰানত কেউটা উইকেট হেৰুৱায়।
অধিনায়িকা ল'ৰা উলভাৰ্টৰ ১০১ ৰান সত্ত্বেও দক্ষিণ আফ্রিকাই খিতাপ দখলত ব্যর্থ হয়। ইয়াৰ মূলতে আছিল প্লেয়াৰ অব দ্য টুর্নামেন্ট দীপ্তি শৰ্মাৰ (৫-৩৯) বিধ্বংসী বলিং। তেওঁক যোগ্য সহযোগিতা আগবঢ়ায় ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ শ্বেফালী বার্মাই, যিয়ে, দখল কৰে দুটা উইকেট।
ইয়াৰ আগেয়ে ভাৰতে শ্বেফালী বাৰ্মাৰ দুৰন্ত ৮৭ আৰু দীপ্তি শৰ্মাৰ দৃঢ়তাপূর্ণ অর্ধ শতৰানৰ সহায়ত ৭টা উইকেট হেৰুৱাই ২৯৮ ৰানৰ প্ৰত্যাহ্বানমূলক স্ক'ৰ থিয় কৰিছিল। সেমেকা আউটফিল্ডৰ বাবে দুঘণ্টা পলমকৈ আৰম্ভ হোৱা ফাইনেলত শ্বেফালী আৰু সহঃ অধিনায়িকা স্মৃতি মান্ধানা (৪৫)ই অ'পেনিঙৰ যুটিত ১০৪ ৰানৰ সংযোজন ঘটাই দলৰ বাবে ভাল আৰম্ভণি কৰে।
প্ৰতীকা ৰাৱালৰ আঘাতৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত সুযোগ পোৱা শ্বেফালীয়ে প্রতিযোগিতাখনত নিজৰ আকর্ষণীয় দৌৰ অব্যাহত ৰাখি তিনি বছৰত প্ৰথমটো আৰু সামগ্রিকভাৱে পঞ্চমটো এদিনীয়া অর্ধ শতক অর্জন কৰে।
শ্বেফালীয়ে ৭৮টা বলত ৭টা চাৰি আৰু দুটা ছয়েৰে ৮৭ ৰানত ক্রিজ এৰে। মান্ধানাই দলীয় স্ক'ৰ ১০৪ ৰানত প্ৰথমে আউট হোৱাৰ পাছত শ্বেফালী, জেমিমা ৰড্রিগুৱেজ (২৪), হৰমনপ্রীত কৌৰ (২০), অমনজোট কৌৰ (১২) আৰু ৰিছা ঘোষ (৩৪) পেভিলিয়নকৈ উভতে। তাৰ মাজতে সপ্তমটো উইকেটৰ ৰূপত আউট হোৱাৰ আগেয়ে দীপ্তি শৰ্মাই ৰিছাৰ সৈতে গুৰুত্বপূৰ্ণ যুটি বান্ধি দলৰ স্ক'ৰ ২৯৮ ৰানলৈ তুলি নিয়ে। ৫৮টা বলত তিনিটা চাৰি আৰু এটা ছয়েৰে ৫৮ ৰান কৰি নিজৰ কেৰিয়াৰৰ অষ্টাদশ তথা চলিত প্রতিযোগিতাখনত তৃতীয়টো অর্ধ শতকীয় ইনিংছ উপহাৰ দিয়ে দীপ্তিয়ে।