ডিজিটেল ডেস্কঃ সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা পাকিস্তানে নাজানে সন্ত্রাসবাদীৰ ঠিকনা। শেহতীয়াকৈ এই বিষয়ত হাস্যকৰ মন্তব্য কৰিছে পাকিস্তানৰ এগৰাকী শাসকীয় নেতাই। জৈছ-এ-মহম্মদৰ (জেই এম) মুৰব্বী মাছুদ আজহাৰৰ বৰ্তমান ঠিকনাৰ বিষয়ত ইছলামাবাদ অৱগত নহয়। পাকিস্তান পীপ পাৰ্টিৰ (পিপিপি) মুৰব্বী বিলাবল ভুট্টো জাৰ্ডাৰীয়ে আল জাজিৰাক দিয়া এটা সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰে।
বিলাৱলে দাবী কৰে যে পাকিস্তানৰ ভূমিত দুর্ধর্ষ সন্ত্রাসবাদীটো থকাৰ বিষয়ত যদি ভাৰতে নিৰ্ভৰযোগ্য প্রমাণ দিব পাৰে, তেনেহ'লে পাকিস্তানে মাছুদ আজহাৰক গ্ৰেপ্তাৰ কৰিব। ভূট্টোৱে দাবী কৰে যে আফগানৰ জিহাদীৰ সৈতে আজহাৰ জড়িত আছে, সেইবাবে পাকিস্তানে বিশ্বাস কৰে যে মাছুদ আজহাৰ আফগানিস্তানত আছে। আফগানিস্তানৰ পৰা মাছুদ আজহাৰক গ্ৰেপ্তাৰ কৰাটো পাকিস্তানৰ বাবে সম্ভৱ নহয় বুলি ভুট্টোৱে মন্তব্য কৰে। নাটোৰ দেশসমূহে কৰিব নোৱাৰা কামটো তেওঁলোকে আফগানিস্তানত গৈ কেনেকৈ কৰিব বুলি ভুট্টোবে প্রশ্ন কৰে।
উল্লেখযোগ্য যে পাকিস্তানৰ শাসকীয় মিত্ৰজোঁটত ভূট্টোৰ দল পি পি পিও আছে। চৰকাৰৰ মিত্ৰজোঁটৰ নেতা হিচাপে ভুট্টোৱে কয় যে ভাৰত চৰকাৰে যদি মাছুদ আজহাৰ পাকিস্তানৰ ভূমিত থকাটো প্রমাণ কৰিব পাৰে, তেনেহ'লে পাকিস্তানে আজহাৰক গ্ৰেপ্তাৰ কৰিব। প্রণিধানযোগ্য যে আজহাৰ হৈছে ভাৰতৰ 'ম'ষ্ট রান্টেড' সন্ত্রাসবাদী। এই দুর্ধর্ষ সন্ত্রাসবাদীটো ২০০১ চনৰ সংসদ আক্রমণ, ২৬/১১ মুম্বাই সন্ত্রাসবাদী আক্রমণ, ২০১৬ চনৰ পাঠানকোট বিমানঘাটি আক্ৰমণ আৰু ২০১৯ চনৰ পুলৱামা আক্রমণত জড়িত আছিল।