ভাৰত-ম্যানমাৰ সীমান্তত পুনৰ ড্ৰ'ন আক্রমণ

dainik janambhumi October 26, 2025

ডিজিটেল ডেস্ক : ম্যানমাৰৰ টাংচাং অঞ্চলত কালি পুনৰ ড্ৰ'ন আক্ৰমণৰ সন্দেহ কৰা হৈছে। কালি পুৱাই উক্ত নগা স্ব-শাসিত অঞ্চলটোত থকা এন এছ চি এন কে বাই এৰ শিবিৰত এই ড্র'ন আক্রমণ হোৱা বুলি এটা সূত্রই দাবী কৰিছে। এই আক্ৰমণত ভয়াৱহ শব্দৰে সমগ্ৰ অঞ্চলটো কঁপাই তোলা বুলি সূত্ৰটোৱে উল্লেখ কৰে। ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচাউ পাচৰ সমীপৰ ১৭৪নং সীমা খুঁটাৰ ওচৰত এই ঘটনাটো সংঘটিত হোৱা বুলি কোৱা হৈছে। এই স্থানতেই এন এছ চি এন-কে (বাই এ)ৰ লগতে আলফা স্বাধীনৰ ট্রেনজিট কেম্প আছে। এই স্থানৰ পৰাই উগ্রপন্থী গোটসমূহে ভাৰত- ম্যানমাৰত অহা-যোৱা কৰে। এই আক্ৰমণৰ ঘটনাৰ কোনো আনুষ্ঠানিক ঘোষণা কোনো এটা পক্ষই কৰা নাই। 

সূত্ৰটোৰ মতে, এই আক্রমণত ৭জনতকৈ অধিক উগ্রপন্থীৰ কেডাৰ নিহত হৈছে আৰু কেইবাজনো আহত হৈছে। উল্লেখযোগ্য যে যোৱা ২০ অক্টোবৰত ম্যানমাৰৰ খানন্মেই লয়ীস্থিত এন এছ চি এন-কে (ৱাই এ)ৰ শিবিৰত ড্ৰ'ন আক্রমণ হৈছিল। য'ত বিদ্রোহী গোটটোৰ মেজৰ জেনেৰেল পি আং কন্যাকৰ পুত্ৰ আৰু এগৰাকী নাতিনী নিহত হৈছিল। আৰু পি আং কন্যাকৰ লগতে কেইবাজনো আহত হৈছিল। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ১৩ জুলাইত ম্যানমাৰৰ চাগেইন অঞ্চলস্থিত আলফা স্বাধীনৰ শিবিৰত ড্র'ন আক্রমণ হৈছিল। ম্যানমাৰত বাহৰ পাতি থকা উগ্রপন্থী শিবিৰত হোৱা সঘনাই ড্র'ন আক্ৰমণৰ ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে। কাৰণ এই আক্ৰমণৰ ঘটনাৰ পাছত আজিলৈকে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে এই আক্ৰমণৰ কথা আনুষ্ঠানিকভাৱে স্বীকাৰ কৰা নাই। আনহাতে, বিদেশৰ ভূমিত বাহৰ পাতি থকাৰ বাবে স্থলপথেৰে গৈ উগ্রপন্থী গোটৰ শিবিৰত আক্ৰমণ চলোৱাটো সিমান সহজ নহয়। কাৰণ ইয়াত বৈদেশিক নীতি-নিৰ্দেশনাৰ কথাও আছে। আনহাতে, ভৌগোলিক পৰিৱেশৰ বাবেও তাত গৈ আক্রমণ কৰাটো একেবাৰে সহজ নহয়। নিৰাপত্তা বাহিনীৰ জোৱানৰ প্ৰাণ নাশৰ শংকাও বেছি। নিৰাপত্তা বাহিনীৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ বর্তমান ড্র'নেৰে আক্ৰমণ কৰাৰ ক্ষেত্রত বেছি প্রাধান্য দিয়া হৈছে। এই আক্রমণ কৰি মুখ নুখুলিলে কোনো বৈদেশিক নীতিৰ কথাও নাহে। 

প্রণিধানযোগ্য যে এই আক্ৰমণত ব্যৱহাৰ হোৱা আত্মঘাতী ড্র'ন বা কামিকেজ ড্র'ন, যাৰ নাম নাগাস্ত্র-১ বুলি এক সূত্রই দাবী কৰিছে। এই ড্র'নৰ সহায়ত ১ কেজি ওজনৰ বিস্ফোৰক নির্ধাৰিত স্থানলৈ নিব পাৰে। জি পি এছৰ সহায়ত টার্গেট লক কৰি দিয়াৰ পাছত উক্ত ড্র'ন গৈ নির্দিষ্ট স্থানত পৰি বিস্ফোৰণ ঘটায়। এই ড্র'ন অতি সহজে ১০ৰ পৰা ২০ কিল'মিটাৰ পৰ্যন্ত যাব পাৰে। নিশাৰ ভাগত ইয়াক সহজে ধৰা পেলোৱাও সহজ নহয়। যি হাৰত ড্ৰ'নেৰে উগ্ৰপন্থীৰ শিবিৰত আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে। ম্যানমাৰত উত্তৰ-পূবৰ যিমানবোৰ উগ্রপন্থী গোটে শিবিৰ পাতি আশ্রয় লৈ আছে, তেওঁলোকৰ ৰাজহাড় ভাঙিবলৈ বেছি সময় নালাগিব। আলফা স্বাধীন, এন এছ চি এনৰ কেইবাটাও গোট, কে এল অ'কে ধৰি আন আন উগ্রপন্থী গোটসমূহৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে। আনহাতে, এক সূত্রই দাবী কৰা মতে, এনে ধৰণৰ চাৰ্জিকেল ষ্ট্ৰাইক কৰিবলৈ এ এল এছ-৫০ নামৰ আন এক ড্ৰ'ন ব্যৱহাৰ কৰিছে। এই ড্র'নে ৫ কেজিৰ বিস্ফোৰক লৈ প্রায় ৫০ কিল'মিটাৰ দূৰত্ব অতিক্ৰম কৰি আক্ৰমণ কৰিব পাৰে। উত্তৰ-পূবৰ উগ্রপন্থী নির্মূল কৰাৰ কথা কেন্দ্রীয় গৃহ বিভাগে কৈ থকাৰ অন্তৰালত এইসমূহ আক্রমণে হয়তো প্রমাণ কৰে।

Share This