ডিজিটেল ডেস্ক : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় তথা অন্তিম টেষ্টত জয়ৰ বাবে অন্তিম দিনা ভাৰতক প্রয়োজন আন ৫৮ ৰানৰ। শৃংখলাৰ নিৰংকুশ ব্যৱধানত তথা অন্তিম টেষ্টখনত জয়ৰ বাবে ১২১ ৰানৰ লক্ষ্যৰ পিছ লোৱা ভাৰতে কালি চতুর্থ দিনৰ অৱশিষ্ট সময়খিনিত দ্বিতীয় ইনিংছ আৰম্ভ কৰি ১ উইকেটত সংগ্রহ কৰে ৬৩ ৰান। অ'পেনাৰ যশস্বী জয়ছোৱাল (৮) আগতীয়াকৈ আউট হ'লেও লোকেশ ৰাহুল (অপঃ ২৫) আৰু ছাই সুদর্শনে (অপঃ ৩০) অধিক হানি-বিঘিনি নঘটোৱাকৈ দলক নিশ্চিত জয়ৰ দিশে আগুৱাই নিছে। ইয়াৰ আগেয়ে ৱেষ্ট ইণ্ডিজে তৃতীয় দিনৰ স্ক'ৰ ২ উইকেটত ১৭৩ ৰানৰ পৰা কালিৰ খেল আৰম্ভ কৰিছিল।
দুই অপৰাজিত বেটাৰ জন কেম্পবেল আৰু শ্বাই হোপে কালি শতৰান পূৰ কৰি ভাৰতৰ জয়ত বিলম্ব ঘটায়। আগদিনা ৮৭ ৰানত বেট ধৰি থকা কেম্পবেলে ১১৫ ৰান কৰি আউট হয়। আনগৰাকী অবিজিত বেটাৰ হোপে ৬৬ ৰানৰ পৰা খেলি কালি ১০৩ ৰান কৰি মহম্মদ ছিৰাজৰ বলত ক্রিজ এৰে। ৱেষ্ট ইণ্ডিজে দ্বিতীয় ইনিংছত এটা সময়ত দুই উইকেটত ২১২ ৰান কৰি আছিল।
পৰৱৰ্তী সময়ত ৯টা উইকেট হেৰুৱাই ৩১১ ৰান কৰে। পিছে দশম উইকেটত জাষ্টিন গ্রীভছ (অপঃ ৫০) আৰু জয়দেন ছিলছে (৩২) ৭৯ ৰানৰ যুটি বান্ধে আৰু ৱেষ্ট ইণ্ডিজে ৩৯০ ৰানত দ্বিতীয় ইনিংছ সামৰি ভাৰতৰ সন্মুখত ১২১ ৰানৰ লক্ষ্য বান্ধি দিয়ে। ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় ইনিংছত ভাৰতৰ কুলদীপ যাদৱ আৰু যশপ্রীত বুমৰাহে তিনিটাকৈ উইকেট দখল কৰে। মহম্মদ ছিৰাজে দখল কৰে দুটা উইকেট।