ভাৰত-পাক সেনাধ্যক্ষৰ পৰস্পৰৰ্ক সকীয়নি

dainik janambhumi June 03, 2025

ডিজিটেল ডেস্কঃ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাই থকাৰ মাজতে ছিংগাপুৰত অনুষ্ঠিত শ্বাংৰি-লা ডায়লগৰ সময়ত দুয়োখন দেশৰ শীর্ষ সামৰিক বিষয়া ভাৰতৰ চীফ অব ডিফেন্স ষ্টাফ (চি ডি এছ) জেনেৰেল অনিল চৌহান আৰু পাকিস্তানৰ জয়েন্ট চীফছ অব্ ষ্টাফ কমিটীৰ অধ্যক্ষ জেনেৰেল চাহিৰ শ্বামশ্বাদ মির্জাই পৰস্পৰৰ্ক সকীয়নি দিয়ে।

শনিবাৰে নিশা দুয়োখন দেশৰ শীৰ্ষ জেনেৰেলসকলে একে সময়তে বিভিন্ন অধিৱেশনত অংশগ্ৰহণ কৰে। এই অধিৱেশনত সমূহত প্ৰতিৰক্ষা উদ্ভাৱনৰ পৰা আঞ্চলিক সংকট ব্যৱস্থাপনালৈ আলোচনা হৈছিল। এনে এক অধিৱেশনত চি ডি এছ জেনেৰেল অনিল চৌহানে পাকিস্তানৰ বিৰুদ্ধে চলোৱা অপাৰেশ্যন সেন্দূৰৰ প্ৰসংগৰে কয়, 'ভাৰতে যি কৰিলে, ৰাজনৈতিকভাৱে সি সন্ত্ৰাসৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ এক নতুন লক্ষ্মণৰেখা অংকন কৰিলে।' তেওঁ আৰু কয়, 'মই আশা কৰোঁ, এই বিশেষ অভিযান আমাৰ শত্ৰুৰ বাবেও শিকনি হোৱা উচিত আৰু আশাকৰোঁ যে তেওঁলোকে গম পালে যে ভাৰতৰ সহ্যৰো এটা সীমা আছে।' চি ডি এছে আৰু কয়, 'আমি দুটা দশকতকৈ অধিক কাল এই প্রক্সি যুদ্ধত ভুগি আছোঁ আৰু বহু লোকৰ প্ৰাণহানি হৈছে... আমি ইয়াৰ অন্ত পেলাবলৈ বিচাৰিছোঁ।' ইফালে, ভাষণত পাকিস্তানৰ জেনেৰেল শ্বামশ্বাদ মির্জাই কয় যে সংঘাত ব্যৱস্থাপনাতকৈ সংঘাতৰ সমাধানৰ প্রয়োজন। তেওঁ সকীয়াই দিয়ে যে ইয়াৰ অভাৱত ধ্বংসাত্মক ব্যাপকতা দেখা দিব পাৰে।

'ৰিজিঅ'নেল ক্রাই ছিছ মেনেজমেন্ট মেকানিজম' শীর্ষক এক আলোচনাত মির্জাই কয়, 'সংঘাত ব্যৱস্থাপনাৰ পৰা সংঘাতৰ সমাধানলৈ যোৱাটো জৰুৰী হৈ পৰিছে। ই দীর্ঘস্থায়ী শান্তি আৰু আশ্বস্ত কৰিব পৰা সংঘাত ব্যৱস্থা নিশ্চিত কৰিব।' তেওঁ আৰু কয় যে দক্ষিণ এছিয়াত দীর্ঘস্থায়ী শান্তিৰ বাবে 'ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ অনুসৰি আৰু জনসাধাৰণৰ আকাংক্ষা অনুসৰি সোনকালেই কাশ্মীৰ সমস্যাৰ সমাধান অত্যাৱশ্যকীয়।'

Share This