আজি ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচ

dainik janambhumi February 15, 2026

ডিজিটেল ডেস্ক: ভাৰত আৰু পাকিস্তানৰ মাজত আজি আই চি চি টি-২০ বিশ্ব কাপৰ হাই ভল্টেজ মেচখনক লৈ ক্রিকেট প্রেমীৰ মাজত যথেষ্ট উৎসাহ দেখা পোৱা গৈছে। 

ক্রিকেট প্রেমীৰ উৎসাহে বজাৰতো জুই লগাইছে। এই মেচখনৰ চোৱাৰ বাবে ক্রিকেট প্রেমীয়ে কৰা ভিৰৰ ফলত ভাৰতৰ পৰা শ্রীলংকাৰ ৰাজধানী কলম্বোলৈ বিমান ভাৰা ৪০-৫০% বৃদ্ধি কৰা হৈছে। একেদৰে হোটেলৰ কামৰ ভাৰাও যথেষ্ট বৃদ্ধি পাইছে। মেকমাইটিৰ ৱেবছাইটৰ পৰা জানিব পৰা মতে, কালি দিল্লীৰ পৰা কলম্বোলে পোনপটীয়া বিমানৰ ভাৰা এজন যাত্রীৰ বাবে ১.৪৫ লাখ টকা হৈছেগৈ। স্বাভাৱিক অৱস্থাতকৈ টিকটব দাম ৪০-৫০% বৃদ্ধি পাইছে। আজি হ'বলগীয়া ভাৰত-পাকিস্তানৰ মেচখনৰ বাবেও টিকটৰ দাম ইমান বৃহৎ হাৰত বৃদ্ধি পায়। 

উল্লেখযোগ্য যে বিশ্ব কাপৰ আটাইতকৈ আকর্ষণীয় মেচখন আজি বিয়লি সাত বজাৰ পৰা আৰম্ভ হ'ব। আজি বিয়লি সাত বজাৰ আগতে দিল্লীৰ পৰা কলম্বোলৈ ক'তো নোৰোৱাকৈ যাবলগীয়া এয়াৰ ইণ্ডিয়াৰ বিমানৰ ভাৰা প্ৰতিটো টিকট ১,০৯,৩৩৯ টকা হোৱা বুলি জনা গৈছে। আনহাতে, শ্রীলংকান এয়াৰ লাইনৰ বিমানৰ ভাৰা ৬৬,৯১৪ টকাৰ পৰা ১,৪৫,২১৯ টকা বুলি জনা গৈছে। মুম্বাইৰ পৰা কলম্বোলৈ তিনি ঘণ্টীয়া যাত্ৰাৰ বাবে ক'তো নোৰোৱাকৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানৰ টিকটৰ দাম ৬০,০৩০ টকা আৰু শ্রীলংকান এয়াৰ লাইনৰ বিমানৰ ভাৰা ৬৬,১২২ টকা
হৈছেগৈ। 

আনহাতে, চেন্নাইৰ পৰা কলম্বোলৈ বিমানৰ ভাৰা প্রতিজন যাত্রীৰ বাবে ইণ্ডিগ'ত ২৫,২০৭ টকা আৰু শ্রীলংকান এয়াৰ লাইন্সৰ ভাৰা ২৭,০৮৭ টকালৈ বৃদ্ধি পাইছে। ইফালে কলম্বোত ক্রিকেট প্রেমীৰ ভিৰৰ প্রতি লক্ষ্য ৰাখি হোটেলৰ ভাৰাও যথেষ্ট বৃদ্ধি কৰা হৈছে। কালি আৰু আজি কলম্বোৰ ৩-৫ তাৰকাযুক্ত আগশাৰীৰ হোটেলত দুজন লোকৰ বাবে ৰূমৰ ভাৰা এনিশাৰ বাবে ১.১৪ লাখ টকা হৈছেগৈ। অৱশ্যে সৰু-সুৰা হোটেলৰ কম কেইহাজাৰমান টকাতে পোৱা যাব। 

টি-২০ বিশ্ব কাপত এইবাৰ ভাৰত আৰু পাকিস্তানৰ মেচখন আটাইতকৈ মূল্যৱান ৰূপে পৰিগণিত হৈছে। এই মেচখনৰ মূল্য প্রায় ৪,৫০০ কোটি টকা বুলি কোৱা হৈছে।

Share This