ডিজিটেল ডেস্কঃ ভাৰতৰ পহলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে ২৬ জন নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰিছিল। ইয়াৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা সৃষ্টি হয়। প্ৰতিশোধ স্বৰূপে ভাৰতীয় বায়ুসেনাই অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰি পাকিস্তান আৰু প’ক মাটিত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস দিয়ে। পাকিস্তানেও ভাৰতক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল যদিও একো কৰিব নোৱাৰিলে। এতিয়া পাকিস্তানী নাগৰিকে নিজেই নিজৰ সেনা আৰু ব্যৰ্থ প্ৰতিৰক্ষা ব্যৱস্থা উদঙাই দিয়া দেখা গৈছে।
পাকিস্তানৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত এজন পাকিস্তানী নাগৰিকে কোৱা দেখা গৈছে যে, "কালি ভাৰতে আমাৰ ওপৰত ২৪টা ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছিল... আচৰিত কথাটো হ'ল যে ২৪টা ক্ষেপণাস্ত্ৰই নিজৰ লক্ষ্যত আঘাত কৰিছিল। পাকিস্তানৰ প্ৰতিৰক্ষা ব্যৱস্থাই ভাৰতৰ এটাও ক্ষেপণাস্ত্ৰ ধ্বংস কৰিবলৈ সক্ষম হোৱা নাছিল। ভাৰতৰ সকলো ক্ষেপণাস্ত্ৰই নিখুঁতভাৱে লক্ষ্যত আঘাত কৰিছিল।
পাকিস্তানী নাগৰিকগৰাকীয়ে লগতে কয় যে, "আমি শুনিছো যে ইৰাণে ইজৰাইলৰ ওপৰত ২০০টা , ৩০০টা ক্ষেপণাস্ত্ৰ পেলাইছে কিন্তু এটা ক্ষেপণাস্ত্ৰয়ো ইজৰাইলক আঘাত কৰিব নোৱাৰিলে.. ইজৰাইলে সেইবোৰক বাধা দি আকাশতে ধ্বংস কৰি পেলালে, আনহাতে আমাৰ ইয়াৰ পৰিস্থিতি এনেকুৱা যে আমি ২৪টা ক্ষেপণাস্ত্ৰকো বাধা দিব নোৱাৰিলোঁ.. ২৪টা ক্ষেপণাস্ত্ৰই আমাৰ মূৰত পৰিল।" এতিয়া কিছুমান মানুহে ক'ব যে মই ভাৰতক প্ৰশংসা কৰিছোঁ... কিন্তু সত্য সদায় সত্যই। আমাৰ ওপৰত মিছাইল পৰিছে... সমগ্ৰ বিশ্বই দেখিছে। আপোনালোক ধন্য হোৱা উচিত যে ভাৰতে আমাৰ সেনাবাহিনীক এতিয়াও আক্ৰমণ কৰা নাই। যদি তেওঁলোকে বিমান ঘাটি বা কোনো সেনা চাউনীত আক্ৰমণ কৰিলেহেঁতেন, তেন্তে একোৱেই বাকী নাথাকিলহেঁতেন।"
পাকিস্তানৰ প্ৰতিৰক্ষা ব্যৱস্থাক উদঙাই দিয়া পাকিস্তানী যুৱকৰ এই ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।