ডিজিটেল ডেস্কঃ ভাৰতে অপাৰেশ্যন সেন্দুৰৰ অংশ ৰূপে পাকিস্তানত সন্ত্রাসবাদীৰ শিবিৰ, কাৰ্যালয় আদি ধ্বংস কৰাৰ পাছতে যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰি দুয়ো দেশৰ মাজত বৃদ্ধি পাইছে আক্রমণ-প্রত্যাক্রমণ। বৃহস্পতিবাৰে নিশা বিমান বন্দৰকে ধৰি জন্মৰ কেইবাটাও স্থান তথা ৰাজস্থান আৰু পঞ্জাবৰ কিছু ঠাইত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানে ৰকেট আৰু ড্র'ন নিক্ষেপ কৰে। পাকিস্তানৰ এটা ড্র'নে জম্মু বিমান বন্দৰক আঘাত কৰাৰ পাছতে ভাৰতৰ যুঁজাৰু বিমানে (ফাইটাৰ জেটে) প্ৰত্যুত্তৰ দিয়ে। লগে লগে ভাৰতে এয়াৰ ডিফেন্স ছিষ্টেম সক্ৰিয় কৰি তোলে আৰু সফলভাবে ইয়াৰ পাছৰ ৰকেটবোৰ প্ৰতিৰোধ কৰে। ভাৰতে পাকিস্তানৰ এখন এফ-১৬ যুঁজাৰু বিমান ভূপাতিত কৰে।
আনহাতে এছ-৪০০ সুদর্শন চক্র এয়াৰ ডিফেন্স ছিষ্টেমে জম্মু অসামৰিক বিমান বন্দৰ, চাম্বা, আৰ এছ পুৰা, আৰনিয়া আৰু কাষৰীয়া অঞ্চলত ৮টা পাকিস্তানী মিছাইল প্ৰতিৰোধ কৰে। জম্মু বিশ্ববিদ্যালয়ৰ সমীপতো দুখন পাকিস্তানী ড্র'ন ভাৰতে ভূপাতিত কৰে। পুঞ্চত সেনাই পাকিস্তানৰ দুখন কামিকাজী ড্র'ন ভূপাতিত কৰে। জন্মৰ উধমপুৰ, আখনুৰ আৰু পঞ্জাবৰ পাঠানকোটতো এয়াৰ ডিফেন্স ইউনিটে ক্ষেপণাস্ত্ৰ আৰু ড্ৰ'ন অৱৰোধ কৰে। পাকিস্তানৰ পৰা প্ৰেৰণ কৰা সৰু ড্ৰ'ন অৱৰোধ কৰিবলৈ ভাৰতে এল-৭০ নামৰ শক্তিশালী এয়াৰ ডিফেন্স ছিষ্টেম ব্যৱহাৰ কৰিছে।
উল্লেখযোগ্য যে পাকিস্তানী ড্ৰ'ন আৰু ৰকেট আক্রমণ প্ৰতিৰোধ কৰিবলৈ ভাৰতে এছ-৪০০ সুদর্শন চক্র, এল-৭০, জেদ এছ ইউ-২৩ আৰু স্কিলকা এয়াৰ ডিফেন্স ছিষ্টেম মোতায়েন কৰিছে।
ইফালে বৃহস্পতিবাৰে নিশা জম্মু বিমানবন্দৰ আৰু পাঠানকোট বিমানঘাটিত এয়াৰ ডিফেন্স ছাইৰেন শুনিবলৈ পোৱা যায় আৰু উক্ত অঞ্চল সম্পূর্ণ নিষ্প্রদীপ হৈ পৰে। জম্মু মহানগৰত ম'বাইল সেৱাও ব্যাহত হয়। জম্মু মহানগৰত কেইবাটাও বিস্ফোৰণ হোৱা বুলি বাতৰি পোৱা গৈছে।
আনহাতে পাকিস্তানী আক্ৰমণৰ মাজত উৰি আৰু বাৰামুল্লাতো নিষ্প্রদীপ অৱস্থা দেখা যায় ।