ডিজিটেল ডেস্ক : সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰত আৰু পাৰাগুৱে এক হৈ আছে আৰু দুয়োখন দেশে চাইবাৰ অপৰাধ তথা নিচাগ্রস্ত দ্রব্যৰ (ড্রাগ) চোৰাং বেহাৰ দৰে প্ৰত্যাহ্বানৰ বিৰুদ্ধেও একেলগে কাম কৰাৰ যথেষ্ট সম্ভাৱনা আছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে এইদৰে কয়।
পাৰাগুৱেৰ প্ৰধানমন্ত্ৰী ছান্টিয়াগো পেনা পালাচিঅ'ছৰ সৈতে প্রতিনিধি পৰ্যায়ৰ আলোচনাৰ সময়ত প্রধানমন্ত্রী মোদীয়ে এই মন্তব্য কৰে। উল্লেখযোগ্য যে তিনিদিনীয়া ভ্রমণসূচীৰে সোমবাৰে পুৱা পালাচিঅ'ছ নতুন দিল্লীত উপস্থিত হয়। এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ।
আনহাতে দক্ষিণ আমেৰিকাৰ দেশৰ কোনো ৰাষ্ট্ৰপতিৰ এয়া দ্বিতীয় ভাৰত ভ্ৰমণ। দক্ষিণ আমেৰিকা অঞ্চলত পাৰাগুৱে হৈছে ভাৰতৰ এক গুৰুত্বপূর্ণ বাণিজ্য সহযোগী। অট'ম'বাইল আৰু ফার্মাচিউটিকেল ক্ষেত্ৰৰ কেইবাটাও ভাৰতীয় কোম্পানীয়ে পাৰাগুৱেত ব্যৱসায় কৰিছে।