ছ'চিয়েল মিডিয়াত মুখ্যমন্ত্রী, হৰমুজ সংকটৰ পৰীক্ষাত উত্তীৰ্ণ ভাৰত

dainik janambhumi July 06, 2026

ডিজিটেল ডেস্ক: 'হৰমুজ সংকটৰ পৰীক্ষাত উত্তীৰ্ণ হ'ল ভাৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় নেতৃত্ব, সুদূৰপ্ৰসাৰী পৰিকল্পনা আৰু দেশবাসীৰ প্ৰতি থকা অটুট দায়বদ্ধতাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে নতুন ভাৰতে সংকটৰ সন্মুখত শিৰ নত নকৰে।'- এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। 

মধ্যপ্ৰচ্যৰ যুদ্ধৰ ফলত দেশত যি ইন্ধনৰ সংকট হৈছিল, সেই কথা উল্লেখ কৰি কালি মুখ্যমন্ত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াযোগে কয়- 'সময়ৰ চক্রত কেতিয়াবা কেতিয়াবা এনে সন্ধিক্ষণ আহে, যেতিয়া এখন দেশে নিজৰ প্রকৃত শক্তি, নেতৃত্বৰ দূৰদৰ্শিতা আৰু জনসাধাৰণৰ প্ৰতি থকা দায়বদ্ধতাৰ বাস্তৱ পৰীক্ষাৰ মুখামুখি হ'বলগীয়া হয়। শেহতীয়াকৈ হৰমুজ প্রণালীকেন্দ্রিক শক্তি সংকট আছিল তেনে এক কঠিন সময়। বিশ্বৰ বহু দেশত ইন্ধন আৰু এল পি জিৰ অভাৱ, মূল্যবৃদ্ধি, আতংক আৰু অনিশ্চয়তাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। বহুজনে এনে আশংকা প্রকাশ কৰিছিল যে আমদানি নিৰ্ভৰ ভাৰতেও এই সংকটৰ সন্মুখীন হৈ গভীৰ সমস্যাৰ মুখামুখি হ'ব লাগিব। কিন্তু কথাবোৰ বেলেগ হ'ল।' এই সংকটৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা কঠোৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি ড° শর্মাই লগতে কয়- 'প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃঢ় নেতৃত্ব, সুদূৰপ্ৰসাৰী পৰিকল্পনা আৰু দেশবাসীৰ প্ৰতি থকা অটুট দায়বদ্ধতাই পুনৰ এবাৰ প্ৰমাণ কৰিলে- নতুন ভাৰতে সংকটৰ সন্মুখত শিৰ নত নকৰে। বিশেষকৈ ৰন্ধন গেছ বা এল পি জিৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ আজিৰ বিশ্বৰ বাবেই এক উদাহৰণ হিচাপে পৰিগণিত হৈছে। মধ্যপ্রাচ্যৰ পৰা যোগান ব্যাহত হোৱাৰ পাছতো দেশৰ কোনো পৰিয়ালৰ ৰন্ধনশালাৰ জুই নুমাবলৈ দিয়া নহ'ল। 

যুদ্ধকালীন তৎপৰতাৰে বিকল্প যোগান পথ সৃষ্টি, নতুন দেশৰ সৈতে সমন্বয়, ৰিফাইনেৰীসমূহ পুনৰ বিন্যাসকে আদি কৰি অধিক এল পি জি উৎপাদন আৰু ডিজিটেল ব্যৱস্থাৰ জৰিয়তে ক'লা বজাৰ নিয়ন্ত্ৰণ, পি এন জিৰ প্ৰসাৰ প্ৰতিটো পদক্ষেপেই কোটি কোটি ভাৰতীয়ৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে গ্রহণ কৰা হৈছিল।' ইফালে অসমতো এই সুদূৰপ্ৰসাৰী নীতিৰ সুফল স্পষ্টভাৱে দেখা পোৱা গৈছে বুলিও জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত তেওঁ কয়- 'ৰাজ্যৰ গাঁও-চহৰৰ লাখ লাখ পৰিয়াল, বিশেষকৈ উজ্বলা আঁচনিৰ সুবিধা লাভ কৰি থকা মাতৃ-ভগ্নীসকলে এই সংকটৰ সময়তো নিয়মীয়াকৈ ৰন্ধন গেছ লাভ কৰি আছে। দৰিদ্ৰ, মধ্যবিত্ত আৰু চাহ জনগোষ্ঠীৰ পৰিয়ালসমূহক সুৰক্ষিত ৰখাটো মোদী চৰকাৰৰ অগ্ৰাধিকাৰ হৈ থাকিল বুলিয়েই আজিও সাধাৰণ মানুহে স্বস্তিৰে জীৱন-যাপন কৰিব পাৰিছে।' 

আনহাতে, বিশ্বৰ বহু দেশত এল পি জি আৰু পেট্রলৰ দাম অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ সময়তো ভাৰতত সাধাৰণ নাগৰিকৰ ওপৰত বোজা কমাবলৈ কেন্দ্রীয় চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজসাহায্য বহন কৰিছে বুলি জনাই ড° শৰ্মাই স্পষ্টভাৱে কয়- 'এই সিদ্ধান্তসমূহে স্পষ্ট কৰিছে যে জনকল্যাণৰ ক্ষেত্ৰত মোদী চৰকাৰ কেতিয়াও আপোচ নকৰে। আজিৰ ভাৰত কেৱল সংকটৰ মোকাবিলা কৰা এখন দেশ নহয়; আজিৰ ভাৰত হৈছে সুসংগঠিত পৰিকল্পনা, শক্তিশালী আন্তঃগাঁথনি আৰু দৃঢ় নেতৃত্বৰ বলত আত্মবিশ্বাসেৰে আগুৱাই যোৱা এক শক্তিশালী ৰাষ্ট্ৰ। ২৪টা ৰিফাইনেৰী, বিস্তৃত পাইপলাইন নেটৱৰ্ক, উন্নত সংৰক্ষণ ব্যৱস্থা আৰু বিশ্বজুৰি বিস্তাৰিত শক্তি সহযোগিতাই ভাৰতক শক্তি সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন উচ্চতালৈ লৈ গৈছে।' 

মুখ্যমন্ত্ৰীগৰাকীৰ মতে- 'এই প্রত্যাহ্বানপূর্ণ সময়ে পুনৰ এবাৰ স্পষ্ট কৰি দিলে- দেশৰ ১৪০ কোটিতকৈ অধিক নাগৰিকৰ কল্যাণ আৰু সুৰক্ষাক সর্বোচ্চ অগ্রাধিকাৰ দিয়া নেতৃত্বৰ হাতত ভাৰত নিৰাপদ। শক্তি সংকটৰ এই কঠিন সময়ত দেশবাসীৰ আস্থা অটুট ৰখাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ প্রতিটো প্রচেষ্টা দেশবাসীয়ে সদায় স্মৰণ কৰিব।'

Share This