ডিজিটেল ডেস্ক : লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে আই পি এলত কলকাতা নাইট ৰাই ডাৰ্ছৰ ৬ এপ্ৰিলৰ ঘৰুৱা খেলখন গুৱাহাটীলৈ স্থানান্তিৰত হ'ব পাৰে। উক্ত দিনা ৰাম নৱমী উদ্যাপন উপলক্ষে আৰক্ষী প্রশাসনে নিশ্ছিদ্ৰ নিৰাপত্তা দিব নোৱাৰে বুলি জনোৱাৰ পাছতেই কে কে আৰ আৰু এল এছ জিৰ মাজৰ খেলখনক লৈ অনিশ্চিয়তাৰ সৃষ্টি হোৱা বুলি জানিবলৈ দিছে বংগ ক্রিকেট সন্থাৰ সভাপতি স্নেহাশিস গাংগুলীয়ে। ইফালে, ৰাম নৱমী উপলক্ষে সিদিনা পশ্চিম বংগত ৰাজ্যজুৰি ২০,০০০ৰ অধিক সমদল উলিওৱা হ'ব বুলি বিজেপিৰ নেতা শুভেন্দু অধিকাৰীয়ে জানিবলৈ দিয়াৰ পাছতেই খেলখনৰ বাবে নিৰাপত্তাৰ অভাৱ ঘটিব।
'বি চি চি আইক আমি খেলখনৰ সূচী সলনি কৰিব লাগে বুলি জনাইছোঁ। পিছে খেলৰ স্থান সলনি কৰাৰ কোনো সুযোগ নাই। তাৰ মাজতে খেলখন গুৱাহাটীলৈ স্থানান্তৰিত হ'ব বুলি জানিব পাৰিছোঁ।' কয় গাংগুলীয়ে। উল্লেখযোেগ্য যে ২০২৪ ছিজনতো ৰাম নৱমী উদ্যাপন উপলক্ষে নিৰাপত্তাৰ অভাৱ ঘটাৰ পৰিপ্ৰেক্ষিতত কে কে আৰ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ খেলৰ সূচী সলনি কৰা হৈছিল।
বংগ ক্রিকেট সন্থাৰ সভাপতি গাংগুলীয়ে কয়, 'কলকাতা আৰক্ষীৰ সৈতে মই কেইবালানি আলোচনাত মিলিত হৈছিলোঁ। তেওঁলোকে ৰাম নৱমী উপলক্ষে প্রয়োজনীয় নিৰাপত্তা প্ৰদান কৰিব নোৱৰাৰ কথা জানিবলৈ দিয়ে।'