সামুদ্রিক চুক্তিত স্বাক্ষৰ ভাৰত-ৰাছিয়াৰ

dainik janambhumi December 06, 2025

ডিজিটেল ডেস্ক: ভাৰত আৰু ৰাছিয়াই সামুদ্রিক সহযোগিতাৰ ক্ষেত্রত এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন কৰিলে। দুয়োখন দেশৰ মাজত সংযোগ, জাহাজ নির্মাণ ক্ষমতা আৰু সামুদ্রিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে দুখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামুদ্রিক সংযোগৰ কৌশলগত গুৰুত্বৰ সন্দৰ্ভত আলোকপাত কৰি কয় যে দুয়োখন দেশে আন্তর্জাতিক উত্তৰ-দক্ষিণ পৰিবহণ কৰিড'ৰ (আই এন এছ টি চি), উত্তৰ সামুদ্রিক পথ আৰু চেন্নাই- ভ্লাদিভোষ্টক পূব সাগৰীয় কৰিড'ৰ (ই এম চি)ৰ ক্ষেত্ৰত নতুন উৎসাহেৰে আগবাঢ়ি যাব। 

প্রধানমন্ত্রীয়ে উল্লেখ কৰে যে প'লাৰ জলভাগত সামুদ্রিক যাত্ৰী প্ৰশিক্ষণৰ সহযোগিতাই আর্কটিক সহযোগিতাত এক নতুন মাত্রা প্রদান কৰিব আৰু ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে নতুন নিয়োগৰ পথ মুকলি কৰিব। 'দুয়োখন দেশৰ মাজত সংযোগ বৃদ্ধি কৰাটোৱেই আমাৰ প্রাধান্য। আমি আই এন এছ টি চি, উত্তৰ সাগৰীয় পথ আৰু চেন্নাই- ভ্লাদিভোষ্টক কৰিড'ৰত নতুন উৎসাহেৰে আগবাঢ়ি যাম । মই সুখী যে এতিয়াৰ পৰা ভাৰতীয় সামুদ্রিক যাত্ৰীসকলক প'লাৰ জলভাগৰ বাবে প্রশিক্ষণ দিয়াত আমি সহযোগিতা আৰম্ভ কৰিম। ই কেৱল আর্কটিকত আমাৰ সহযোগিতা শক্তিশালী কৰাই নহয়, ভাৰতৰ যুৱ সমাজৰ বাবেও নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব'- প্রধানমন্ত্রী মোদীয়ে এনেদৰে কয়। তেওঁ পুনৰ কয়, 'একেদৰে জাহাজ নির্মাণত আমাৰ গভীৰ সহযোগিতাই মেক ইন ইণ্ডিয়া'ক শক্তিশালী কৰাৰ সম্ভাৱনা আছে। এয়া আমাৰ পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ আন এক উৎকৃষ্ট উদাহৰণ, যিয়ে নিয়োগ, দক্ষতা আৰু অঞ্চলভিত্তিক সংযোগ বৃদ্ধি কৰিব।' 

প্রথম বুজাবুজিৰ চুক্তিখনে ভাৰতীয় সামুদ্রিক যাত্রীসকলক প'লাৰ জলভাগত কাৰ্যকৰী প্ৰশিক্ষণৰ সহযোগিতাত গুৰুত্ব আৰোপ কৰিছে। এছ টি চি ডব্লিউ কনভেনশ্যন আৰু প'লাৰ কৰিড'ৰৰ সৈতে সংগতি ৰাখি এই সহযোগিতাই বিশেষ প্রশিক্ষণ মডিউলৰ যুটীয়া নক্সা, উত্তম অভিজ্ঞতাৰ আদান-প্রদান, বতৰ আৰু বৰফে আবৃত অৱস্থাত নৌচালনা আৰু কাৰ্যকৰী ক্ষমতা বিকাশত সহায় কৰিব। দ্বিতীয় বুজাবুজিৰ চুক্তি ৰাছিয়ান ফেডাৰেশ্যনৰ সামুদ্রিক ব'ৰ্ড আৰু ভাৰতৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰ্যালয়ৰ মাজত স্বাক্ষৰিত হৈছে ইয়াৰ জৰিয়তে সাগৰীয় নীতি সম্পর্কে নিয়মীয়া পৰামৰ্শৰ এক গুণগত ব্যৱস্থা ত্বৰান্বিত কৰা হ'ব। আন্তর্জাতিক আইনৰ সৈতে সংগতি ৰাখি সাগৰীয় সুৰক্ষা, নিৰাপত্তা আৰু সাগৰ-মহাসাগৰৰ শান্তিপূর্ণ ব্যৱহাৰত দুয়োখন দেশে সমন্বয় সাধন কৰিব। ভাৰত-ৰাছিয়াৰ সাগৰীয় সংযোগ সহযোগিতা তিনিটা কৌশলগত বাণিজ্য কৰিড'ৰত আগবাঢ়িছে ঃ আই এন এছ টি চিৰ জৰিয়তে ইৰানৰ মাজেৰে কণ্টেইনাৰ পৰিবহণ বছৰি ১,৫০,০০০ৰ পৰা প্রায় ৫০ লাখ টি ই ইউলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে আৰু ভাৰতে ৰাছিয়া আৰু মধ্য এছিয়ালৈ প্ৰৱেশাধিকাৰ শক্তিশালী কৰিব। উত্তৰ সাগৰীয় পথক এছিয়া আৰু ইউৰোপৰ মাজত এক কৌশলগত আর্কটিক চেনেল হিচাপে স্বীকৃতি দিয়া হৈছে, যিয়ে জাহাজ চলাচলৰ দূৰত্ব কমাই আনে। দুয়োখন দেশে মালবাহী পৰিবহণ আৰু জাহাজ নিৰ্মাণৰ উপগোটৰ সন্দৰ্ভত একমত হৈছে। পূব সাগৰীয় কৰিড'ৰ (চেন্নাই-ভ্লাদিভোষ্টক) পথ পৰম্পৰাগত মুম্বাই-চেন্ট পিটাৰ্ছবার্গ পথতকৈ প্রায় ৪০ শতাংশ চুটি। 

২০২৪-২৫ বিত্তীয় বর্ষত মালবাহী পৰিমাণ বৃদ্ধি পোৱাত বন্দৰৰ পৰিকাঠামো, ৰে'ল সংযোগ আৰু ৰাছিয়াৰ দূৰ প্ৰাচ্যত সাৰ, এল এন জি আদিৰ ঔদ্যোগিক উন্নয়নৰ পথ মুকলি হৈছে। কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সর্বানন্দ সোণোৱালে কয় যে এই সহযোগিতাই ভাৰতৰ সাগৰীয় উচ্চাকাংক্ষাক শক্তিশালী কৰিব আৰু সামাজিক-অর্থনৈতিক সুবিধা প্রদান কৰিব। 'প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে ভাৰত-ৰাছিয়া সাগৰীয় সহযোগিতাৰ এক নতুন অধ্যায় ৰচনাত নিৰ্ণায়ক ভূমিকা গ্রহণ কৰিছে। মেক ইন ইণ্ডিয়াৰ অধীনত জাহাজ নির্মাণ শক্তিশালী কৰি, ভাৰত মহাসাগৰৰ পৰা আর্কটিকলৈ কৌশলগত কৰিড'ৰৰ জৰিয়তে সংযোগ বৃদ্ধি কৰি আৰু আমাৰ সামুদ্রিক যাত্ৰীসকলক প'লাৰ কাৰ্যকৰীৰ বাবে অত্যাধুনিক দক্ষতাৰে সজ্জিত কৰি আমি দ্রুত আৰু স্থিতিস্থাপক বাণিজ্য পথ সৃষ্টি কৰিছোঁ। সোণোৱালে ঐতিহাসিক ভাৰত-ৰাছিয়া সাগৰীয় সহযোগিতাৰ বুজাবুজিৰ চুক্তিৰ সাক্ষী হৈ লগতে কয়, 'মেক ইন ইণ্ডিয়াক শক্তিশালী কৰা, চাকৰিৰ সৃষ্টি কৰা, সমুদ্রযাত্ৰীসকলৰ সুবিধাৰ্থে প'লাৰ জলভাগ প্রশিক্ষণৰ জৰিয়তে দক্ষতা বৃদ্ধি কৰা আৰু আঞ্চলিক সংযোগ মজবুত কৰি এক যৌথ সাগৰীয় ভৱিষ্যতৰ নতুন দিগন্ত মুকলি কৰাৰ দিশত ভাৰত-ৰাছিয়াৰ ঐতিহাসিক পাৰস্পৰিক সহযোগিতা মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব।

Share This