ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগামৰ বায়চৰণ ঘাঁহনি পথাৰৰ বিতোপন সৌন্দর্য অতুলনীয়। এই সৌন্দর্য উপভোগ কৰিবলৈকে প্ৰতি বছৰে সহস্রাধিক পৰ্যটকৰ আগমন ঘটে উপত্যকাটোলৈ।
ইউৰোপীয় গাঁৱলীয়া ঠাইসমূহৰ সৈতে সাদৃশ্য থকাৰ বাবে এই বায়চৰণ ঘাঁহনি পথাৰক 'মিনি ছুইজাৰলেণ্ড' বুলিও জনা যায়। ভাৰতৰ এই 'মিনি ছুইজাৰলেণ্ড' মঙলবাৰে মৃত্যু উপত্যকালৈ পৰিণত হ'ল। নিষ্ঠুৰ সন্ত্রাসবাদীৰ গুলীত পৰ্যটকৰ তেজেৰে ৰাঙলী হ'ল বায়চৰণৰ ঘাঁহনি পথাৰ। যিডৰা ঘাঁহনিত পর্যটক উপস্থিত হৈ আনন্দত আত্মহাৰা হৈ পৰে সেইডৰা ঘাঁহনিৰ উপত্যকাতেই পৰ্যটকৰ মৃত্যুৰ কাতৰ ক্ৰন্দন শুনা গ'ল। মঙলবাৰে নিৰ্দয় সন্ত্রাসবাদীয়ে এজন এজনকৈ ২৮জন নিৰীহ পৰ্যটকক হত্যা কৰে।
উল্লেখযোগ্য যে সমগ্র বিশ্ব কঁপোৱা সন্ত্রাসবাদীৰ এই বৰ্বৰ আক্ৰমণৰ স্থলী পহলগামৰ বায়চৰণ পথাৰতেই কেইবাখনো ভাৰতীয় চিনেমাৰ শুটিং লোৱা হৈছিল। অনন্তনাগ জিলাৰ এই মনোৰম উপত্যকাত শাৰী শাৰী পাইন গছ আৰু বৰফাবৃত শৃংগৰ মনোমোহা দৃশ্যই পৰ্যটকক আকর্ষণ কৰাৰ লগতে ২০১৫ চনত বজৰংগী ভাইজান, জব টক হো জান (২০১২), হাইদৰ (২০১৪), হাইৱে' (২০১৪), বাজী (২০১৮), য়ে জৱানী হ্যে দীৱানী (২০১৩) আদি বলিউডৰ চিনেমাৰ লগতে দক্ষিণৰো কেইবাখনো চিনেমাৰ শ্বুটিং লোৱা হৈছিল মনোমোহা উপত্যকাটোত।