১১ পাক বিমান ঘাটি বিধ্বস্ত কৰিছিল ভাৰতৰ ১৯ টা ব্ৰহ্মছ মিছাইলে

dainik janambhumi June 09, 2025

ডিজিটেল ডেস্কঃ 'অপাৰেশ্যন সেন্দূৰ'ৰ এমাহ সম্পূৰ্ণ হোৱাৰ উপলক্ষত এই সামৰিক অভিযানৰ সফলতাৰ বাবে শনিবাৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ পৰিকল্পনাকাৰী আৰু ভাৰতীয় সামৰিক বাহিনীৰ মুৰব্বীসকলে উদ্যাপন কৰে। 

ইতিমধ্যে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে ভাৰতৰ তিনিও সেনাক সময়োপযোগী সিদ্ধান্ত ল'বলৈ সেউজ সংকেত দি থৈছে। 'অপাৰেশ্যন সেন্দূৰ'ৰ পাছত সৃষ্টি হোৱা ভাৰত-পাকিস্তানৰ ভয়ংকৰ যুদ্ধৰ সময়ত পাকিস্তানৰ ১১টা বিমানঘাটিক ভাৰতৰ ১৯টা ব্ৰহ্মাছ মিছাইলে বিধ্বস্ত কৰছিল।

 চীনত নির্মিত পাকিস্তানী ক্ষেপণাস্ত্ৰসমূহক ভাৰতীয় ক্ষেপণাস্ত্ৰই বিধ্বস্ত কৰিবলৈ সক্ষম হৈছিল। ভাৰতৰ তিনিওটা সামৰিক বাহিনীৰ সংঘবদ্ধ প্রচেষ্টাত ভাৰতীয় বায়ু সেনাৰ (আই এ এফ) যুঁজাৰু বিমানেৰে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ আৰু এছ-৪০০ বায়ু প্ৰতিৰক্ষা পদ্ধতিয়ে চীনত নির্মিত চাৰিখন পাকিস্তানী যুদ্ধ বিমান ভূপাতিত কৰিছিল আৰু দুখন বৃহৎ যুদ্ধ বিমান (সম্ভৱতঃ এখন হৈছে চি-১৩০ দে আৰু আনখন এছ এ এছ বি২০০০) ধ্বংস কৰিছিল।
আনহাতে আই এ এফে পাকিস্তানৰ ১১টা বিমানঘাটিত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰাৰ সময়ত দুখন পাকিস্তানী এফ-১৬ যুদ্ধ বিমান আংশিকভাৱে ক্ষতি কৰিছিল। ভাৰতীয় বিমান সেনাই পাকিস্তানৰ এখন চাইনীজ এল ৱাই-৮০ ফায়াৰ ৰাডাৰ, দুটা আমেৰিকাত নিৰ্মিত ট্রেকিং ৰাডাৰ ধ্বংস কৰিছিল। শনিবাৰে 'অপাৰেশ্যন সেন্দুৰ'ৰ এমাহ সম্পূৰ্ণ হোৱাৰ পাছত ভাৰতীয় সামৰিক বাহিনী নতুন উদ্যমেৰে সষ্টম হৈ আছে পাকিস্তানৰ যিকোনো ভাৰত-বিৰোধী কাৰ্যকলাপৰ বাবে।

Share This