ডিজিটেল ডেস্ক : ভাৰতৰ মহিলা বিশ্ব কাপ জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা স্মৃতি মান্ধানা, জেমিমা ৰড্রিগুৱেজ আৰু দীপ্তি শর্মাক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আই চিচি) কালি ঘোষণা কৰা প্রতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ প্রতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ একাদশত স্থান দিছে। আই চি চিয়ে দলটোক ১১গৰাকী খেলুৱৈক স্থান দিয়াৰ লগতে এগৰাকীক দ্বাদশ খেলুৱৈৰূপে ৰাখিছে। ইয়াৰে তিনিগৰাকী ভাৰতৰ। দক্ষিণ আফ্ৰিকাৰ অধিনায়িকা ল'ৰা বলভাৰ্ডটক দলটোৰ অধিনায়কৰূপে বাছনি কৰা হয়।
দলটোৰ অ'পেনাৰৰূপে বাছনি কৰা হৈছে ভাৰতৰ মান্ধানা আৰু ৱলভার্ডটক। দলটোৰ তিনি নম্বৰ স্থানত ভাৰতৰ জেমিমা ৰড্ৰিগুৱেজক ৰখা হৈছে। উল্লেখযোগ্য যে দক্ষিণ আফ্রিকাৰ অধিনায়িকাগৰাকীযে প্রতিযোগিতাত ৭১.৩৭ গড়ে ৫৭১ ৰান সংগ্ৰহ কৰে। আই চি চিয়ে এটা বিবৃতিত দলটো ঘোষণা কৰে। সেই অনুসৰি প্ৰতিযোগিতাৰ ছেমি ফাইনেলত পৰাজিত হোৱা অষ্ট্ৰেলিয়াৰ তিনিগৰাকী খেলুৱৈক বিশ্ব কাপৰ শ্ৰেষ্ঠ খেলুৱৈৰ দলটোত স্থান দিয়া হৈছে। তেওঁলোক হ'ল ক্ৰমে এনাবেল ছাদাৰলেণ্ড, এশ্ব গার্ডনাৰ আৰু লেগ স্পীনাৰ অলানা কিং। পাকিস্তানৰ উইকেট কীপাৰ ছিদৰা নৱাজকো দলটোত লোৱা হৈছে। বিশ্ব কাপৰ শ্ৰেষ্ঠ খেলুৱৈৰ দলটোত স্থান পোৱা তেওঁ পাকিস্তানৰ একমাত্ৰ খেলুৱৈ।
উল্লেখযোগ্য যে প্রতিযোগিতাত পাকিস্তানে এখনো মেচত জয়ী হ'ব নোৱাৰিলে। ইফালে ইংলেণ্ডৰ ছফিয়া এক্লেষ্টনক একাদশত লোৱা হৈছে আৰু নেট শ্রাইভাৰ-ব্রাণ্টক দ্বাদশ খেলুৱৈৰূপে দলত লোৱা হৈছে। ছফিয়াৰ সুন্দৰ খেলৰ বলতে ইংলেণ্ডে এইবাৰ প্রতিযোগিতাৰ ছেমি ফাইনেলত উপনীত হৈছিল। দলটোত স্থান লাভ কৰা দক্ষিণ আফ্ৰিকাৰ আন দুগৰাকী খেলুৱৈ হ'ল ক্রমে মাৰিজেন কাপ আৰু নাদিন ডি ক্লার্ক। ভাৰতৰ অ'পেনাৰ স্মৃতিয়ে ৫৪.২৫ গড়ে এটা শতক আৰু দুটা অর্ধশতকৰ সহায়ত প্রতিযোগিতাত ৪৩৪ ৰান কৰে। ৰড্রিগুৱেজে এটা শতক আৰু এটা অর্ধশতকৰ সহায়ত ৫৮.৪০ গড়ে ২৯২ ৰান কৰে। তেওঁ ছেমি ফাইনেলত খেলা অপৰাজিত ১২৭ ৰানৰ ইনিংছটোৰ সহায়ত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছিল। দীপ্তিয়ে সুন্দৰ অলৰাউণ্ড খেল প্রদর্শন কৰে। তেওঁ ৩০.৭১ গড়ে ২১৫ ৰান কৰাৰ উপৰি ২২.৪০ গড়ে ২২টা উইকেট দখল কৰে। তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ফাইনেলত ৫৮ ৰান কৰাৰ লগতে ৩৯ ৰান দি পাঁচটা উইকেট দখল কৰিছিল। প্ৰতিযোগিতাৰ শ্রেষ্ঠ দলটো: ১) স্মৃতি মান্ধানা (ভাৰত), ২) ল'ৰা ৱলভার্ডটক (অধিনায়ক, দক্ষিণ আফ্রিকা), ৩) জেমিমা ৰড্রিগুৱেজ (ভাৰত), ৪) মাৰিজানে কাপ (দক্ষিণ আফ্রিকা), ৫) এশ্ব গার্ডনাৰ (অষ্ট্ৰেলিয়া), ৬) দীপ্তি শর্মা (ভাৰত), ৭) এনাবেল ছাদাৰলেণ্ড (অষ্ট্ৰেলিয়া), ৮) নাদিন ডিক্লার্ক (দক্ষিণ আফ্রিকা), ৯) ছিদৰা নৱাজ (পাকিস্তান), ১০) অলানা কিং (অষ্ট্ৰেলিয়া), ১১) ছফি এক্লেষ্টন (ইংলেণ্ড), দ্বাদশ খেলুৱৈ নেট শ্ৰাইভাৰ-ব্রান্ট (ইংলেণ্ড)।