বিশ্ব বেডমিন্টনত ভাৰতৰ ব্ৰঞ্জ, ইতিহাস গঢ়ি থমকিল ছেমি ফাইনেলত

dainik janambhumi October 11, 2025

ডিজিটেল ডেস্ক : ভাৰতে ইতিহাস গঢ়ি পোন প্ৰথমবাৰৰ বাবে বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ মিক্সড্ দলীয় শাখাত পদক নিশ্চিত কৰাৰ পাছত কালি ছেমি ফাইনেলত ঘৰুৱা দলটোৰ গৌৰৱময় বিজয় যাত্ৰাৰ যৱনিকা পৰে। বিগত বৰ্ষৰ চেম্পিয়ন ইণ্ডোনেছিয়াই এখন একপক্ষীয় খেলত ভাৰতক ৪৫-৩৫, ৪৫-২১ৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইণ্ডোনেছিয়াই আজি হ'বলগীয়া খিতাপৰ যুঁজত চীন-জাপানৰ মাজত অনুষ্ঠিত আনখন ছেমি ফাইনেলৰ বিজয়ীৰ বিৰুদ্ধে খেলিব। ইফালে, ছেমি ফাইনেলত অভিযান সামৰিলেও ভাৰতে ঐতিহাসিক ব্ৰঞ্জৰ পদক লাভ কৰি বৃহৎ সফলতা অর্জন কৰিলে। 

গুৱাহাটীৰ আমিনগাঁওস্থিত নেশ্যনেল চেণ্টাৰ অব্ এক্সেলেন্সত কালি মিক্সড দলীয় শাখাৰ প্ৰথমখন ছেমি ফাইনেলত ভাৰতে প্ৰথমটো ছেট লাভ কৰি আশাৰ আৰম্ভণি কৰিছিল। কিন্তু ইণ্ডোনেছিয়াৰ শ্বাটলাৰে দ্বিতীয় ছেটৰ পৰাই মেচত একক আধিপত্য বিস্তাৰ কৰি বেষ্ট অব্ থ্ৰীৰ প্ৰথম দুখন মেচতে জয়ী হৈ ফাইনেলত স্থান নিশ্চিত কৰে। মুঠ দহটাৰ আঠটা ছেটেই দখল কৰা ইণ্ডোনেছিয়াই জয়ৰ বাবে বিশেষ কষ্ট কৰিব লগীয়া নহ'ল। ভাৰতৰ হৈ প্রথম গেমত পুৰুষৰ ডাবলছত বিশ্ব তেজ-ভাৰ্গৱ ৰাম যুটিয়ে ৯-৬ত তথা লালৰামছাংগা-বিশাখাই মিক্সড ডাবলছত ১০-৯ৰ ব্যৱধানত জয়ী হোৱাৰ বিপৰীতে দ্বিতীয় গেমৰ পাঁচোটা ছেটতে ইণ্ডোনেছিয়াই বিপক্ষক এবাৰো প্ৰত্যাৱৰ্তনৰ সুযোগ নিদিলে।

 কালি ছিংগলছত খেলা উন্নতি হুদা আৰু ৰ'ণক চৌহানে উভয় গেমতে চাপৰ সন্মুখীন হৈ পৰাজয় স্বীকাৰ কৰাৰ বিপৰীতে মহিলাৰ ডাবলছৰ উভয় মেচতে বেনেলা-ৰেশিকাই ২-৯৩ আত্মসমর্পণ কৰে। এতিয়া অহা সোমবাৰৰ পৰা হ'বলগীয়া ছিংগলছত প্রত্যাশিত প্রদর্শন কৰিবলৈ সাজু প্ৰতিগৰাকী প্রতিভাৱান শ্বাটলাৰ।

Share This