ডিজিটেল ডেস্ক: শেষ পর্যন্ত আই চি চি টি-২০ বিশ্ব কাপত নঘটিল অঘটন। ৱাংখেড়ে ষ্টেডিয়ামত আমেৰিকাক ২৯ ৰানত হৰুৱাই ভাৰতে প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰে। প্রত্যাশিত জয় সত্ত্বেও বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় সূর্যকুমাৰ যাদৱবাহিনী। সূর্যকুমাৰৰ বাদে ভাৰতৰ আন বেটাৰে বৃহৎ স্ক'ৰ গঢ়িব নোৱাৰিলে।
ভাৰতে প্রথমে বেট ধৰি ৯ উইকেটত কৰিছিল ১৬১ ৰান। পৰৱৰ্তী সময়ত ভাৰতীয় বলাৰে নিয়ত্রিত বলিঙেৰে আমেৰিকাক ৮ উইকেটত ১৩২ ৰানত সীমিত ৰাখে। আমেৰিকাৰ হৈ সঞ্জয় কৃষ্ণমূৰ্তিয়ে ৩৭, শুভম ৰজনেই ৩৭ আৰু মিলিও কুমাৰে ৩৪ ৰানৰ বৰঙনি যোগায়। ভাৰতৰ হৈ মহম্মদ ছিৰাজে সর্বাধিক তিনিটা আৰু অৰ্ষদীপ সিং আৰু অক্ষৰ পেটেলে ২টাকৈ উইকেট দখল কৰে। ইয়াৰ আগেয়ে অধিনায়ক সূর্যকুমাৰ যাদৱৰ অবিজিত ৮৪ ৰানৰ সহায়ত ভাৰতে ৯টা উইকেট হেৰুৱাই ১৬১ ৰান কৰিছিল।
বেটিং বিপর্যয়ৰ সন্মুখীন হোৱা ভাৰতীয় দলৰ ইনিংছ প্রায় অকলেই আগুৱাই নিয়ে সূর্যকুমাৰে। ত্রয়োদশ অ'ভাৰত ৭৭ ৰানতে ছটা উইকেট হেৰুৱাই দল শ'লঠেকত পৰাৰ সময়তে ৪৯টা বলত ১০টা চাৰি আৰু ৪টা ছয়েৰে অর্ধশতৰানৰ ইনিংছ খেলে অধিনায়কগৰাকীয়ে। সূর্যকুমাৰৰ বাদে ঈশান কিষাণ (২০), অভিষেক শর্মা (০), তিলক বার্মা (২৫), শিভম ডুবে (০), ৰিংকু সিং - (৬) আৰু হার্দিক পাণ্ডিয়া (৫) ব্যর্থ হয়।