ডিজিটেল ডেস্কঃ ভাৰতে সিন্ধু জল চুক্তি স্থগিত বখাৰ বাবে লোৱা সিদ্ধান্তক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে পাকিস্তানে। পাকিস্তানৰ জলসম্পদ ন্যালয়ে নতুন দিল্লীলৈ এখন পত্ৰ প্ৰেৰণ কৰি সিন্ধু জল চুক্তিৰ অধীনত পাকিস্তানৰ ভাগৰ পানীৰ ধাৰা পুনৰ বোৱাবলৈ ভাৰতক অনুৰোধ জনায়।
উল্লেখযোগ্য যে ছটা দশকজুৰি দুয়োখন দেশৰ মাজত নদীৰ পানী ভাগ-বাটোৱাৰা কৰাৰ ক্ষেত্ৰত সিন্ধু জল চুক্তিয়ে ৰুত্বপূর্ণ ভূমিকা লৈ আহিছিল। ১৯৬০ চনতে স্বাক্ষৰ ৰা এই চুক্তিখন ভাৰতে পহলগাম- কাণ্ডৰ পাছত স্থগিত ৰাখিছিল।
ইফালে, পাকিস্তানে সন্ত্রাসবাদক সমৰ্থন কৰিবলৈ নেৰালৈকে ভাৰতে এই জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত বাহাল ৰাখিব বুলি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। আনহাতে, ভাৰতৰ বিদেশ মন্ত্রী এছ জয়শংকৰে পাকিস্তানৰ এই আৱেদনৰ পাছত কয় যে সিন্ধু জলচুক্তি স্থগিতকৰণত ভাৰতৰ সিদ্ধান্ত বাহাল থাকিব। যেতিয়ালৈকে সীমাৰ সিপাৰৰ পৰ পাকিস্তানে সন্ত্রাসবাদৰ কাৰ্যকলাপ বন্ধ নকৰে তেতিয়ালৈকে ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰাখিন বুলি বিদেশ মন্ত্রী জয়শংকৰে মন্তব্য কৰে।