ডিজিটেল ডেস্ক : পশ্চিম এছিয়াত চলি থকা যুদ্ধ-উত্তেজনাক লৈ ভাৰত চৰকাৰ উদ্বিগ্ন হৈ আছে।'- বিদেশ মন্ত্রী এছ জয়শংকৰে সোমবাৰে ৰাজ্য সভাত এইদৰে কয়। অঞ্চলটোত যুদ্ধ-উত্তেজনা বৃদ্ধি হোৱাৰ সময়তে ভাৰতে ইয়াৰ শক্তি খণ্ডৰ সুৰক্ষা আৰু প্রৱাসী ভাৰতীয়ৰ স্বাৰ্থক সুৰক্ষিত কৰি ৰখাৰ দিশত সবাতোকৈ গুৰুত্ব দিছে। বিদেশ মন্ত্রী জয়শংকৰে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্রীয় স্বার্থক এই যুদ্ধৰ সময়ত সর্বোচ্চ গুৰুত্ব দিছে। মন্ত্রীজনে কয় যে ভাৰতৰ শক্তি খণ্ডৰ সুৰক্ষাৰ বাবে পশ্চিম এছিয়া অতি গুৰুত্বপূর্ণ। তেওঁ আশংকা প্রকাশ কৰে যে মধ্য প্রাচ্যৰ দেশসমূহত সংঘৰ্ষৰ মাত্রা বৃদ্ধি হৈ থাকিলে দেশত যোগান শৃংখল ব্যাহত হোৱাৰ সম্ভাৱনা আছে আৰু ভাৰতে ব্যাপক পৰিসৰত অর্থনৈতিক সমস্যাৰ সন্মুখীন হ'ব পাৰে।
বাজেট অধিৱেশনৰ দ্বিতীয় সত্রত দুয়োখন সদনতে ভাষণ দি বিদেশ মন্ত্রী জয়শংকৰে কয় যে উপসাগৰীয় দেশসমূহত প্রায় ১ কোটি ভাৰতীয়ই বাস কৰি আছে। ইৰানতো শিক্ষা অথবা চাকৰিসূত্রে সহস্রাধিক ভাৰতীয়ই বাস কৰি আছে। সেইসকল প্রৱাসী ভাৰতীয়ৰ সুৰক্ষাৰ দিশত ভাৰত চৰকাৰে সর্বোচ্চ গুৰুত্ব দিছে। আনহাতে, তেল আৰু গেছৰ আমদানিৰ বাবে মধ্য প্রাচ্যৰ দেশসমূহ ভাৰতৰ বাবে অতি গুৰুত্বপূর্ণ।
অঞ্চলটোত যুদ্ধ-উত্তেজনাৰ পৰিৱেশ ভাৰতৰ বাবে উদ্বেগজনক বিষয় অঞ্চলটোত আনিবলৈ ভাৰতে যৎপৰোনাস্তি প্রচেষ্টা চলাই আছে বুলি জয়শংকৰে মন্তব্য কৰে। এই যুদ্ধ-সংঘর্ষ আন চুবুৰীয়া দেশলৈও বিয়পাৰ আশংকা ব্যক্ত কবে বিদেশ মন্ত্রীজনে। তেওঁ দোহাৰে যে ভাৰতে আলোচনা আৰু কূটনৈতিক মাধ্যমেৰে অঞ্চলটোত যুদ্ধ-উত্তেজনা প্রশমন হোৱাটো বিচাৰে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অঞ্চলটোৰ পৰিস্থিতিৰ বিষয়ত চোকা নজৰ ৰাখিছে বুলি তেওঁ কয়।