ভাৰতৰ প্ৰথম প্ৰতিদ্বন্দ্বী ভিয়েটনাম

dainik janambhumi July 30, 2025

ডিজিটেল ডেস্ক : অষ্ট্ৰেলিয়াত অহা বছৰত হ'ব লগীয়া এ এফ চি মহিলা এছিয়ান কাপ ফুটবলত ভাৰতৰ সৈতে গ্রুপ চি-ত স্থান পাইছে শক্তিশালী জাপান, প্রাক্তন চেম্পিয়ন চাইনীজ টাইপেই আৰু ভিয়েটনামে। ১২ দলীয় প্রতিযোগিতাখন ১-২১ মার্চলৈ অনুষ্ঠিত হ'ব। ভাগ লোৱা ১২টা দলক তিনিটা গ্ৰুপত ভাগ কৰা হৈছে। প্রতিটো দলত থাকিব ৪টাকৈ দল। 

ভাৰতীয় মহিলা দলে ভিয়েটনামৰ বিৰুদ্ধে ৪ মাৰ্চৰ খেলেৰে প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰিব। খেল হ'ব পাৰ্থ ৰেকটেংগুলাৰ ষ্টেডিয়ামত। একেটা ভ্যেনুতে ভাৰতে ৭ মাৰ্চত জাপানৰ বিৰুদ্ধে পৰৱৰ্তী মেচ খেলিব। 

অহা ১০ মার্চত ৱেষ্টার্ন ছিডনী ষ্টেডিয়ামত গ্ৰুপৰ তৃতীয় খেলত মুখামুখি হ'ব ভাৰত আৰু চাইনীজ টাইপেই। প্রতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাৰ লগতে দুটা শ্রেষ্ঠ তৃতীয় স্থানপ্রাপ্ত দলৰ কোৱাৰ্টাৰ ফাইনেললৈ আগবাঢ়িব। ছেমি ফাইনেলত প্ৰৱেশ কৰা ৪টা দলে ব্রাজিলত হ'ব লগীয়া ২০২৭ ফিফা মহিলা বিশ্ব কাপলৈ পাৰপত্ৰ লাভ কৰিব। আনহাতে, কোৱাৰ্টাৰ ফাইনেলত পৰাজিত ৪টা দলে প্লে' অফত প্ৰৱেশ কৰিব, য'ত আন দুটা দলে বিশ্ব কাপৰ বাবে যোগ্যতা আহৰণ কৰিব।

Share This