চলিত বৰ্ষতে ভাৰতৰ ছেমি কণ্ডাক্টৰ চিপৰ প্ৰথমটো ইউনিট মুকলি 

dainik janambhumi April 10, 2025

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ শেষৰফালে ভাৰতৰ প্ৰথমটো থলুৱাভাৱে নির্মিত ছেমি কণ্ডাক্টৰ চিপৰ ইউনিট প্ৰস্তুত কৰি উলিওৱা হ'ব। ইলেক্ট্রনিক্‌ছ আৰু তথ্য প্রযুক্তিৰ কেন্দ্ৰীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে বুধবাৰে এই কথা নিশ্চিত কৰে। 'মানি কন্ট্রল'ৰ সৈতে এটা সাক্ষাৎকাৰত মন্ত্ৰী বৈষ্ণৱে কয় যে চিপ উৎপাদনৰ বাবে পাঁচটা ইউনিটত কাম চলি আছে আৰু সূচী অনুসৰিয়েই প্ৰকল্পৰ কাম চলি আছে।

কেন্দ্রীয় চৰকাৰৰ অভিলাষী 'ছেমিকন ইণ্ডিয়া' কাৰ্যসূচীৰ অধীনত এই ছেমি কণ্ডাক্টৰ উন্নীত কৰা হ'ব বুলি মন্ত্রীজনে কয়। টাটা ইলেক্ট্রনিক্‌ আৰু টাইৱান-ভিত্তিক পি এছ এম চিৰ সহযোগত গুজৰাটৰ প্ৰস্তাৱিত ধলেৰা ফেব্রিকেশ্যন প্লেন্টত এই ছেমি কণ্ডাক্টৰ চিপ প্ৰস্তুত কৰা হ'ব। কেইবা দশক জুৰি বিশ্বৰ অগ্রণী দেশসমূহে এই ছেমি কণ্ডাক্টৰ খণ্ডটো দখল কৰি অহাৰ পাছত ছেমি কণ্ডাক্টৰ চিপ উৎপাদনৰ দিশত ভাৰতীয়

স্বাৱলম্বিতাৰ দিশত মন্ত্ৰীজনৰ এই ঘোষণা লক্ষণীয় হৈ পৰিছে। মন্ত্ৰী বৈষ্ণৱে কয় যে চলিত বৰ্ষৰ ছেপ্তেম্বৰ-অক্টোবৰৰ ভিতৰত প্ৰথমটো ছেমি কণ্ডাক্টৰ চিপৰ ইউনিট ভাৰতে মুকলি কৰিব।

Share This