ডিজিটেল ডেস্ক : বাংলাদেশৰ ভাৰতৰ বিৰুদ্ধে আন এক ষড়যন্ত্ৰ কৰাৰ তথ্য পোহৰলৈ আহিছে। দেশখনে দক্ষিণ ত্ৰিপুৰাৰ মুৰী নদীত আন এটা বান্ধ নিৰ্মাণৰ প্ৰস্তুতি চলাইছে। এই বান্ধটো নির্মাণ হ'লে ত্ৰিপুৰাত ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলত বানে তাণ্ডৱৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে। ত্ৰিপুৰাৰ বেলোনিয়াৰ চি পি এমৰ বিধায়ক দীপাংকৰ সেনে এই বিষয়টোত কেন্দ্রীয় গৃহ ম্যালয়ৰ হস্তক্ষেপ দাবী কৰিছে।
এখন আগশাৰীৰ ইংৰাজী দৈনিক বাতৰিকাকতে স্থানীয় নিৱাসীসকলৰ উদ্ধৃতি দি কয় যে এই বান্ধটো প্রায় ডেৰ কিল'মিটাৰ দীঘল আৰু উচ্চতা ২০ ফুট। দীপাংকৰ সেনে কয় যে ইন্দিৰা-মুজিব চুক্তি অনুসৰি দুয়োখন দেশে সীমান্তৰ পৰা ১৫০ গজ দূৰত্বৰ ভিতৰত কোনো নিৰ্মাণ কাৰ্যন চলাব নোৱাৰে, কিন্তু এই বান্ধটো সীমান্তৰ পৰা ৫০-১০ গজ দূৰত্বৰ ভিতৰত নিৰ্মাণ কৰা হৈছে। তেওঁ কৰা অভিযোগ মতে, 'পূৰ্বতে বাংলাদেশে চুক্তিৰ এই ধাৰাৰ অধীনত ভাৰতৰ কেইটামান পানী উত্তোলন আঁচনি বন্ধ কৰা হৈছিল।
ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ কার্যালয়ে প্রকাশ কৰা মতে, বিষয়টোৰ সন্দৰ্ভত প্রতিবেদনৰ বাবে অপেক্ষা কৰি থকা হৈছে। দক্ষিণ ত্ৰিপুৰা জিলাৰ আৰক্ষীয়ে এই বিষয়টোৰ এক অনুসন্ধান কৰিব বুলি প্রকাশ কৰে। আৰক্ষীৰ এজন স্থানীয় বিষয়াই কয় যে বাংলাদেশে বান্ধ নিৰ্মাণৰ কাৰণে ১০খন ড্ৰেজাৰ ব্যৱহাৰ কৰিছে। এই বান্ধে সীমান্তৰ দুটা গাঁও পঞ্চায়তৰ পাঁচ শতাধিক লোকক ক্ষতি কৰাৰ আশংকা কৰা হৈছে।