ডিজিটেল ডেস্ক : মোদী চৰকাৰৰ বিৰুদ্ধে আক্রমণ অব্যাহত ৰাখি লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শুকুৰবাৰে অভিযোগ কৰে যে 'ভাৰতৰ বিদেশ নীতি বিকল হৈছে।' ইয়াৰ উপৰি, কংগ্ৰেছৰ সাংসদজনে ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী এছ জয়শংকৰৰ পৰা জানিবলৈ বিচাৰে যে কিয় পাকিস্তানৰ সৈতে ভাৰতৰ চুক্তি হ'ল আৰু দুয়োখন দেশৰ মাজত মধ্যস্থতা কৰিবলৈ ট্রাম্পক কোনে অনুৰোধ জনালে।
এছ জয়শংকৰে বিদেশী এটা টিভি চেনেলক দিয়া সাক্ষাৎকাৰৰ ভিডিঅ' নিজৰ এক্স প্লেটফৰ্মত টেগ কৰি গান্ধীয়ে প্রশ্ন কৰে, 'কিয় ভাৰতৰ পাকিস্তানৰ সৈতে চুক্তি হ'ল? পাকিস্তানক গৰিহণা দিয়াত এখনো দেশে আমাক কিয় সমর্থন কৰা নাই? ভাৰত-পাকিস্তানৰ মাজত মধ্যস্থতা কৰিবলৈ ট্রাম্পক কোনে অনুৰোধ জনাইছিল।' লোক সভাৰ বিৰোধী দলপতিজনে দাবী কৰে যে ভাৰতৰ বিদেশ নীতি বিকল হৈছে। উল্লেখযোগ্য যে বৃহস্পতিবাৰেও গান্ধীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক তেওঁৰ ভাষণ 'ফোঁপোলা' বুলি সমালোচনা কৰিছিল।
বৃহস্পতিবাৰে ৰাজস্থানত প্রধানমন্ত্রীয়ে দিয়া ভাষণত গান্ধীয়ে সামাজিক মাধ্যম এক্সত প্রতিক্রিয়া প্রকাশ কৰিছিল। গান্ধীয়ে কৈছিল, 'মোদী ডাঙৰীয়া, ফোঁপোলা ভাষণ দিবলৈ বন্ধ কৰক। আপুনি কিয় সন্ত্রাসবাদৰ সন্দৰ্ভত পাকিস্তানৰ বক্তব্যক বিশ্বাস কৰিলে? ট্রাম্পৰ ওচৰত নত হৈ কিয় আপুনি ভাৰতৰ স্বার্থক বলি দিলে? কিয় আপোনাৰ তেজ কেৱল কেমেৰাৰ সন্মুখতহে উথলি উঠে? আপুনি ভাৰতৰ সন্মানক আপোচ কৰালে।'