ডিজিটেল ডেস্ক: অভিষেক শৰ্মা আৰু হার্দিক পাণ্ডিয়াৰ অর্ধশতকৰ সহায়ত ছুপাৰ এইটৰ কালিৰ এখন খেলত জিম্বাবুৱেক ৭২ ৰানত হৰুৱাই ভাৰতে আই চি চি টি-২০ বিশ্ব কাপত ছেমি ফাইনেলত প্ৰৱেশৰ আশা সজীৱ ৰাখিছে।
পোনতে বেট ধৰি ৪ উইকেটত ২৫৬ ৰান কৰা ভাৰতে পৰৱৰ্তী সময়ত জিম্বাবুৱেক ৬ উইকেটত ১৮৪ ৰানত সীমিত ৰাখে। জিম্বাবুৱেৰ হৈব্রায়ান বেনেটে অপৰাজিত ৯৭ ৰান কৰি অকলেই যুঁজ দিলেও দলক জয়ৰ লক্ষ্যলৈ তুলি নিয়াত ব্যর্থ হয়।
ইয়াৰ আগেয়ে, ফর্মলৈ উভতি অহা অভিষেক শৰ্মাৰ ৫৫ আৰু হার্দিক পাণ্ডিয়াৰ অপৰাজিত ৫০ ৰানেৰে ভাৰতে ৪ উইকেটত ২৫৬ ৰানৰ শক্তিশালী স্ক'ৰ থিয় কৰিছিল। টি-২০ বিশ্ব কাপত এয়া সর্বাধিক স্ক'ৰ, লগতে এই বছৰৰ আই চি চি টুর্নামেন্টখনত ভাৰতৰ সামগ্রিকভাৱে এয়া সর্বাধিক স্ক'ৰ। চলিত প্রতিযোগিতাখনত একেৰাহে তিনিবাৰ শূন্যত আউট হোৱা অভিষেকে কালি ৩০টা বলত ৪টা চাৰি আৰু ৪টা ছয়েৰে ৫৫ ৰানৰ অৱদান যোগায়।
খৰতকীয়াকৈ অর্ধ-শতৰান পূৰ কৰা অভিষেকে অ'পেনিঙৰ যুটিত সঞ্জু ছেমছনৰে (২৪) মিলি ৪৮ ৰানৰ যুটি বান্ধে। অ'পেনাৰদ্বয় আউট হোৱাৰ পাছত ঈশান কিষাণ (৩৮) আৰু অধিনায়ক সূর্যকুমাৰ যাদৱে (৩৩) উপযোগী বৰঙনি যোগায়। ইয়াৰ পাছত হার্দিক পণ্ডিয়াই ২৩টা বলত অপৰাজিত ৫০ ৰানৰ অৱদান আগবঢ়ায়। আনহাতে, তিলক বার্মাই ১৪টা বলত অপৰাজিত ৪৪ ৰান কৰাৰ উপৰি হার্দিকৰে মিলি ৩১টা বলত অবিজিত ৮৪ ৰানেৰে দলৰ স্ক'ৰ ২৫৬ ৰানলৈ তুলি নিয়ে।