ডিজিটেল ডেস্ক : মহম্মদ ছিৰাজৰ (৫-১০৪) যাদুকৰী বলিঙৰ সহায়ত ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিম টেষ্টত ৬ ৰানত নাটকীয় জয়েৰে ভাৰতে ৫খনীয়া শৃংখলা ২-২ ব্যৱধানত ড্ৰৰে সামৰে। হাতত ৪টা উইকেট থকা অৱস্থাত সোমবাৰে অন্তিম দিনা ইংলেণ্ডক জয়ৰ বাবে আন ৩৫ ৰানৰ প্ৰয়োজন আছিল। পিছে ছিৰাজৰ দুৰন্ত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱৰা ইংৰাজ বাহিনীয়ে ৩৬৭ ৰানত দ্বিতীয় ইনিংছ সামৰি জয়ৰ পৰা ৬ ৰানত থমকি ৰ'ব লগীয়া হয়।
ইংলেণ্ডে চতুর্থ দিনৰ স্ক'ৰ ৬ উইকেটত ৩৩৯ ৰানৰ পৰা সোমবাৰৰ খেল আৰম্ভ কৰিছিল। আগদিনাৰ দুই অবিজিত বেটাৰ জেমী স্মিথ (২) আৰু জেমী অভার্টনক (৯) অগা-পিছাকৈ আউট কৰে ছিৰাজে। তাৰ মাজতে প্রসিদ্ধ কৃষ্ণই জ'ছ টঙক (০) বিদায় দি দ্বিতীয় ইনিংছত নিজৰ উইকেটৰ সংখ্যা ৪টালৈ বৃদ্ধি কৰে।
ইয়াৰ পাছতে ছিৰাজে গাছ এট কিনছনৰ (১৭) উইকেট দখল কৰি টেষ্টখনৰ যৱনিকা পেলায়। তাৰ আগেয়ে আঘাতপ্রাপ্ত ক্রিছ বাকছে বেট ধৰিবলৈ অহাৰ সময়ত ইংলেণ্ডক জয়ৰ বাবে ১৭ ৰানৰ প্ৰয়োজন আছিল। এটকিনছনে ছিৰাজৰ বলত ছয় কোৱাই ইংলেণ্ডৰ আশা সজীৱ কৰিছিল। পিছে ছিৰাজে আকর্ষণীয় য়ৰ্কাৰৰ জৰিয়তে এটকিনছনক বিদায় দি ভাৰতলৈ ৰোমাঞ্চকৰ জয় কঢ়িয়াই আনে।